ETV Bharat / sports

আইচিচি টেষ্ট ৰেংকিঙত অৱনমিত ভাৰত

আইচিচি টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থানৰ পৰা অৱনতি ঘটিল ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ । শীৰ্ষ স্থান দখল অষ্ট্ৰেলিয়াৰ ।

author img

By

Published : May 1, 2020, 4:22 PM IST

Icc Ranking india-lose-top-spot-in-icc-test-rankings-to-australia

স্পৰ্টছ ডেস্ক, ১ মে': ভাৰতৰ ক্ৰীড়াপ্ৰেমীৰ বাবে দুখবৰ । শুকুৰবাৰে প্ৰকাশ পোৱা আইচিচিৰ নতুন টেষ্ট তালিকাত শীৰ্ষ স্থানৰ পৰা তৃতীয় স্থানলৈ অৱনতি ঘটিল ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ । ভাৰতৰ স্থানত শীৰ্ষ স্থান দখল কৰিলে অষ্ট্ৰেলিয়াই । আইচিচিৰ নিয়ম অনুসৰি বাৰ্ষিক উন্নতিকৰণৰ পৰা ২০১৬-১৭ বৰ্ষৰ ভাৰতৰ ১২ খন টেষ্ট জয় আৰু ১ খন মেচৰ পৰাজয়ৰ তথ্য আঁতৰাই দিয়াৰ ফলতেই শীৰ্ষ স্থান হেৰুৱালগীয়া হয় ভাৰতীয় টেষ্ট ক্ৰিকেট দলটোৱে ।

ভাৰতে ২০১৬ বৰ্ষৰ অক্টোবৰ মাহৰ পৰা শীৰ্ষ স্থান দখল কৰি আছিল । আনহাতে আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপটো অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলটোৱে । এই লীগত ৯ টা দলে অংশগ্ৰহণ কৰিছে ।

বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটোৱে ২০১৬-১৭ বৰ্ষত পাঁচখন টেষ্ট শৃংখলাত জয় লাভ কৰিবলৈ সক্ষম হৈছিল । য'ত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড শৃংখলাও অন্তৰ্ভূক্ত হৈ আছে । আনফালে অষ্ট্ৰেলিয়া দলটোৱে দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল ।

আইচিচি টেষ্ট ৰেংকিঙত অৱনতি ভাৰতৰ
আইচিচি টেষ্ট ৰেংকিঙত অৱনতি ভাৰতৰ

শেহতীয়াকৈ প্ৰকাশ পোৱা এই ৰেংকিঙত ২০১৯ ৰ মে' মাহৰ পাচৰ সকলো মেচৰ ১০০ শতাংশ আৰু বিগত দুই বৰ্ষৰ ৫০ শতাংশ ৰেটিং সংযোজিত কৰা হৈছে । ফলত আইচিচিৰ নতুন ৰেংকিঙত অষ্ট্ৰেলিয়া দলটোৱে ১১৬ পইণ্ট লাভ কৰি প্ৰথম, ১১৫ পইণ্ট লাভেৰে নিউজিলেণ্ড দ্বিতীয় আৰু ১১৪ পইণ্ট লাভেৰে ভাৰত তৃতীয় স্থানত অধিষ্ঠিত হৈছে । অৱশ্যে তিনিওটা দলৰ মাজত অতি কম পইণ্টৰ ব্যৱধান দেখা পোৱা গৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.