ETV Bharat / sports

পুত্ৰ সন্তানে মোৰ জীৱনৰ দৃষ্টিভংগী সলনি কৰিলে: হাৰ্ডিক পাণ্ডিয়া - পিতৃত্ব সম্পৰ্কত মন্তব্য হাৰ্ডিক পাণ্ডিয়াৰ

পুত্ৰ সন্তান লাভৰ পাচতে জীৱনৰ দৃষ্টিভংগী সলনি হোৱা বুলি মন্তব্য হাৰ্ডিক পাণ্ডিয়াৰ ৷

Hardik Pandya
পুত্ৰ আগষ্ট্যৰ সৈতে হাৰ্ডিক পাণ্ডিয়া
author img

By

Published : Nov 27, 2020, 10:32 PM IST

স্পৰ্টছ ডেস্ক, 27 নৱেম্বৰ : ভাৰতীয় অল ৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত 76 বলত সংগ্ৰহ কৰিলে 90 ৰাণ ৷ দল পৰাস্ত হ'লেও নিজৰ দূৰ্দান্ত প্ৰদৰ্শনৰ পাচতে পাণ্ডিয়াই মন্তব্য কৰে যে, পিতৃত্ব অৰ্জনৰ পাচতে তেওঁৰ জীৱনৰ প্ৰতি দৃষ্টিভংগী সলনি হ'ল ৷

উল্লেখ্য যে, 30 জুলাইত পাণ্ডিয়াৰ পত্নী নতাশা ষ্টেনকোভিকে এটি পুত্ৰ সন্তান জন্ম দিয়ে ৷ পুত্ৰ সন্তানটিৰ নাম ৰখা হয় আগষ্ট্য ৷ পাণ্ডিয়াই কয় যে, এটি সন্তানৰ পিতৃ হোৱাৰ পাচত তেওঁ জীৱনক এক পৃথক দৃষ্টিভংগীৰে চোৱাৰ লগতে ভালৰ বাবে এই পৰিৱৰ্তন অহা বুলি জনায় ৷

ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত দূৰ্দান্ত প্ৰদৰ্শনৰ পাচতে তেওঁ কয়, "আপোনাৰ এজন সন্তান থাকিলে আপুনি পৃথকভাৱে চিন্তা কৰিবলৈ আৰম্ভ কৰে ৷ পৰিয়ালৰ প্ৰতি মোৰ দৃষ্টিভংগী সলনি হ'ল ৷ এজন মানুহ হিচাপে মই সলনি হ'লো আৰু এই পৰিৱৰ্তন ভালৰ বাবে ৷"

তেওঁ লগতে কয়, "মোৰ আগষ্ট্যলৈ মনত পৰিছে ৷ ঘৰলৈ উভতিবলৈ ৰৈ আছো ৷ সন্তানটি 15 দিনীয়া হৈ থাকোতেই মই ঘৰৰ পৰা আহিছিলো, মই ঘৰ উভতো মানে সি চাৰিমহীয়া হ'ব ৷ সকলোবোৰ সলনি হ'ল, কিন্তু এয়া ভালৰ বাবে ৷ সন্তানটি জন্ম হোৱা সময়টো মোৰ জীৱনৰ শ্ৰেষ্ঠতম সময় ৷"

লগতে পঢ়ক : প্ৰথম মেচত বিধস্ত ভাৰত, 1-0 ত অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.