ETV Bharat / sports

অৰ্জুন বঁটা পুৰস্কাৰৰ বাবে নাম মনোনীত কৰাৰ বাবে কৃতজ্ঞ : দীপ্তি শৰ্মা

অৰ্জুন বঁটা পুৰস্কাৰৰ বাবে বিচিচিআইৰ ফালৰ পৰা দীপ্তি শৰ্মাৰ নাম মনোনীত কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ মহিলা ক্ৰিকেটাৰগৰাকীৰ । এই যাত্ৰাত তেওঁক সমৰ্থন দিয়া সকলো প্ৰশিক্ষক,মেণ্টৰ,দলৰ সদস্যক ধন্য়বাদ জ্ঞাপন দীপ্তি শৰ্মাৰ ।

author img

By

Published : Jun 2, 2020, 6:46 PM IST

extremely grateful to be nominated for arjuna award says deepti sharma

স্পৰ্টছ ডেস্ক, 2 জুন : অৰ্জুন বঁটা পুৰস্কাৰৰ বাবে দীপ্তি শৰ্মাৰ নাম মনোনীত কৰাৰ বাবে বিচিচিআইক কৃতজ্ঞতা প্ৰকাশ ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ খেলুৱৈগৰাকীৰ । এক টুইট প্ৰদান কৰি খেলুৱৈগৰাকীয়ে কয়, বিচিচিআইৰ দ্বাৰা অৰ্জুন বঁটাৰ বাবে নাম মনোনীত কৰাৰ বাবে অশেষ কৃতজ্ঞ । ইয়াৰ জৰিয়তে মোক সমৰ্থন কৰা সকলো প্ৰশিক্ষক, মেণ্টৰ, দলীয় সদস্য়লৈ মোৰ ধন্য়বাদ জ্ঞাপন । ভৱিষ্যতে মই মোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিম ।

  • I'm extremely grateful to be nominated by the @BCCI for the Arjuna award.

    Would like to thank all my coaches, mentors and the team for supporting me through the journey. Will keep giving my best! pic.twitter.com/V8I9ieqoMk

    — Deepti Sharma (@Deepti_Sharma06) June 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ দীপ্তি শৰ্মা হৈছে মহিলা এদিনীয়া ক্ৰিকেটত সৰ্বোচ্চ ব্য়ক্তিগত স্ক'ৰ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ । আনহাতে এদিনীয়া ক্ৰিকেটত 6 টাকৈ উইকেট লোৱাও একমাত্ৰ ভাৰতীয় খেলুৱৈ হৈছে দীপ্তি ।

22 বছৰীয়া দীপ্তিয়ে ভাৰতৰ হৈ বৰ্তমানলৈকে 54 খন এদিনীয়া 48 খন টি-20 মেচত অংশগ্ৰহণ কৰিছে । য'ত এদিনীয়াত 64 টা আৰু টি-20 ত 53 টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকীয়ে । আনহাতে এদিনীয়াত তেওঁৰ নামত 1417 ৰান থকাৰ বিপৰীতে টি-20 ত আছে ৪২৩ ৰান ।

শেহতীয়াকৈ অৰ্জুন বঁটাৰ বাবে ইশান্ত শৰ্মা, শিখৰ ধাৱন আৰু দীপ্তি শৰ্মাৰ নাম মনোনীত কৰিছিল বিচিচিআইয়ে । আনহাতে ৰাজীৱ গান্ধী খেল ৰত্নৰ বাবে ৰোহিত শৰ্মাৰ নাম প্ৰদান কৰা হৈছে বিচিচিআইৰ ফালৰ পৰা । ক্ৰীড়া মন্ত্ৰণালয়ৰ এক সমিতিৰ দ্বাৰা নিৰ্বাচনৰ পাচতেই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা প্ৰদান কৰা হ'ব এই সমূহ সন্মান ।

লগতে চাওকঃ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চিৰাঙত বৃহৎ কেলেংকাৰী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.