ETV Bharat / sports

আইপিএল 2021 : ৰাজস্থান ৰয়েলছত ইংলেণ্ডৰ খেলুৱৈৰ যোগদান

ৰাজস্থান ৰয়েলছৰ শিবিৰত যোগদান জ’চ বাটলাৰ, বেন ষ্টোকচ আৰু লিয়াম লিভিংষ্টোনৰ ৷ ২০২১ চনৰ আইপিএলত ৰাজস্থান ৰয়েলছ দলে মুম্বাইত অনুষ্ঠিত হ'বলগা মেচত পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ৷ ১২ এপ্ৰিলত অনুষ্ঠিত হ'ব এই মেচ ৷

author img

By

Published : Mar 30, 2021, 12:55 PM IST

ৰাজস্থান ৰয়েলছৰ শিৱিৰত ইংলেণ্ডৰ খেলুৱৈৰ যোগদান

স্পৰ্টছ ডেস্ক, 30 মাৰ্চঃ সোমবাৰে 2021 চনৰ আইপিএলৰ বাবে ইংলেণ্ড দলৰ খেলুৱৈ জ‘চ বাটলাৰ, বেন ষ্টোকচ আৰু লিয়াম লিভিংষ্টোনে ৰাজস্থান ৰয়েলচৰ শিবিৰত যোগদান কৰে ৷ ৰাজস্থান ৰয়েলছে ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিছিল য'ত ইংলেণ্ডৰ তিনিজন খেলুৱৈক ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাৰ সমাপ্তিৰ পাচত দলৰ হোটেলত উপস্থিত হোৱা দেখা যায় ৷

২০২১ চনৰ আইপিএলৰ বাবে বিচিচিআইৰ SOP অনুসৰি, সকলো খেলুৱৈ (ভাৰত-ইংলেণ্ড) শৃংখলাৰ বাহিৰে দলৰ সমৰ্থন কৰ্মচাৰী, ব্যৱস্থাপনাত থকা ব্যক্তিসকল হোটেলৰ কোঠাত সাত দিনীয়াকৈ কোৱাৰিন্টিন হ’ব লাগিব । কোৱাৰিন্টিনৰ সময়ছোৱাত প্ৰতিজন ব্যক্তিক একাধিকবাৰ ক'ভিড পৰীক্ষা কৰা হ'ব আৰু নিগেটিভ ফলাফলৰ পিছতহে তেওঁলোকক কোঠাৰ পৰা ওলাই আহি প্ৰশিক্ষণ আৰু অনুশীলনত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হ'ব । আইপিএলৰ প্ৰথম মেচত ৯ এপ্ৰিলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলিব ৷ উল্লেখ্য যে, ৰাজস্থান ৰয়েলছে মুম্বাইত পাঞ্জাৱ কিংছৰ বিৰুদ্ধে ১২ এপ্ৰিলত প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব ৷

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণক লৈ সস্তম অসম আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.