স্পৰ্টছ ডেস্ক, 11 জুনঃ শচীন-সৌৰভৰ অপেনিং যুটিৰ পাচতেই ভাৰতীয় ক্ৰিকেটত আটাইতকৈ সফলতম অপেনিং যুটিটো হৈছে ৰোহিত আৰু শিখৰৰ । বুধবাৰে এই সন্দৰ্ভত এক মন্তব্য় প্ৰকাশ কৰিছে ভাৰতীয় দলৰ গব্বৰ হিচাপে খ্য়াত শিখৰ ধাৱনে। ৰোহিত আৰু তেওঁৰ মাজত থকা ভৰসাই এই সফলতাৰ মূল কাৰক বুলি কয় ধাৱনে ।
![](https://etvbharatimages.akamaized.net/etvbharat/prod-images/886518-800635-shikhar-dhawan-pti_1106newsroom_1591841798_54.jpg)
দুয়োয়ে বৰ্তমানলৈকে 16 টা শতকীয় সহযোগিতা গঢ়িবলৈ সক্ষম হৈছে । শচীন-সৌৰভৰ 21 টা শতকীয় সহযোগিতাৰ পাচতেই এডাম গীলখ্ৰীষ্ট আৰু মেথিউ হেডেনৰ সৈতে যুটীয়াভাৱে দ্বিতীয় স্থান দখল কৰি আছে এই দ্বয় ভাৰতীয় যুটিটোৱে ।
শিখৰে ইনষ্টাগ্ৰাম চেটত কয়,মই ৰোহিতক 19 অনুৰ্ধ্বৰ সময়ৰ পৰাই জানো । তেওঁ মোতকৈ এক-দুই বছৰৰ কনিষ্ঠ আছিল আৰু আমি একেলগে শিবিৰত আছিলো । আমি দুয়োয়ে ইজনে-সিজনক ভৰসা কৰো আৰু আমাৰ মাজত ভাল বন্ধুত্ব আছে । যিটোৱে আমাৰ বাবে কাৰ্যগত হৈছে । আমি দুয়োয়ে ইজনে-সিজনৰ প্ৰকৃতি আৰু চৰিত্ৰ বুজি পাওঁ । মই জানো ৰোহিত প্ৰকৃততে কি । মই গৌৰাম্বিত আমি ভাৰতৰ বাবে বহু কৰিবলৈ সক্ষম হৈছো ।
আমি বছৰৰ 230 দিন একেলগে যাত্ৰা কৰো সেয়েহে ভাৰতীয় ক্ৰিকেট দলটো এটা ডাঙৰ পৰিয়ালৰ দৰে বুলি কয় শিখৰ ধাৱনে। আনহাতে বেটিঙৰ সময়ত কিবা অসুবিধাৰ সন্মুখীন হ'লে ৰোহিতৰ পৰা পৰামৰ্শ লোৱাৰ কথাও স্বীকাৰ কৰে খেলুৱৈগৰাকীয়ে । আইপিএলৰ দিল্লী কেপিটেলছৰ বিষয়ববীয়াৰ সৈতে বাৰ্তালাপত এই কথা উল্লেখ কৰে দিল্লীৰ খেলুৱৈগৰাকীয়ে ।
লগতে চাওকঃ গোলাঘাটত ব্যাপক হাৰত লুণ্ঠন বনজ সম্পদ