স্পৰ্টছ ডেস্ক,12 জুলাইঃ ক্ৰিকেটৰ মক্কা লৰ্ডছত অহা 14 জুলাইত অনুষ্ঠিত হ’ব 2019 ক্ৰিকেট বিশ্বকাপৰ চূড়ান্ত মেচ ৷ খিতাপৰ যুঁজত নামিব আয়োজক দেশ ইংলেণ্ড আৰু নিউজিলেণ্ড ৷ এই গুৰুত্বপূৰ্ণ মেচখনৰ আম্পায়াৰৰ ভূমিকাত থাকিব শ্ৰীলংকাৰ কুমাৰ ধৰ্মছেনা আৰু দক্ষিণ আফ্ৰিকাৰ মৰাইছ এৰছমছে ৷ আনহাতে অষ্ট্ৰেলিয়াৰ ৰড টেকাৰক থাৰ্ড আম্পায়াৰ আৰু মেচ ৰেফাৰীৰ ভূমিকাত থাকিব শ্ৰীলংকাৰ ৰঞ্জন মধুগ্লে ৷ শুকুৰবাৰে এই কথা সদৰী কৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ৷
উল্লেখ্য যে,প্ৰথমবাৰৰ বাবে ক্ৰিকেটৰ ইতিহাসত নতুন বিশ্ব চেম্পিয়ন লাভ কৰিব বিশ্বই ৷ কাৰণ দুয়োটা দলেই ইয়াৰ পূৰ্বে বিশ্বকাপত চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷