ETV Bharat / sports

বাংলাদেশৰ হাতত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় টি-20 ত পৰাস্ত ভাৰত - Bangladesh create history in t20 after beat india

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত 7 উইকেটত পৰাস্ত ভাৰত ৷ প্ৰথমবাৰৰ বাবে টি-20 ত বাংলাদেশৰ হাতত পৰাজয়বৰণ ভাৰতৰ ৷ 149 ৰানৰ লক্ষ্য অতিক্ৰম কৰি জয় লাভ বাংলাদেশৰ ৷

বাংলাদেশৰ হাতত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় টি-20 ত পৰাস্ত ভাৰত
author img

By

Published : Nov 3, 2019, 11:29 PM IST

স্পৰ্টছ ডেস্ক, 3 নৱেম্বৰ: বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত পৰাস্ত ভাৰত ৷ দেওবাৰে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল তিনিখন মেচৰ টি-20 শৃংখলাৰ প্ৰথমখন টি-20 মেচ ৷ 7 উইকেটত জয় লাভ কৰে বাংলাদেশ ক্ৰিকেট দলটোৱে ৷ ভাৰতৰ বাংলাদেশৰ বিৰুদ্ধে এইটো আন্তঃৰাষ্ট্ৰীয় টি-20 ত মেচত প্ৰথমটো পৰাজয় ৷

বাংলাদেশৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বাংলাদেশী উইকেটকীপাৰ বেটছমেন মুছফিকুৰ ৰহিমেৰহিমে অপৰাজিত 60 ৰান কৰাৰ বিপৰীতে লিটন দাসে 7, মহম্মদ নাইমে 26, ছমিয়া সৰকাৰে 39, মহম্মদুলাই অপৰাজিত 15 ৰান কৰে ৷ ভাৰতৰ হৈ দিপক চাহাৰ, খলিল আহমেদ আৰু যুজৱেন্দ্ৰ চহলে দখল কৰে 1 টা কৈ উইকেট ৷ মেচখনত ভাৰতৰ পৰাজয়ৰ অন্যতম কাৰণ হৈছে শোচনীয় ফিল্ডিং ৷ 38 ৰানত ক্ৰোণাল পাণ্ডিয়াই জীৱন দান প্ৰদান কৰে মুছফিকুৰ ৰহিমক ৷ বাউণ্ডেৰীত এটা সাধাৰণ কেট্ছ ধৰিবলৈ ব্যৰ্থ হয় পাণ্ডিয়াই ৷ ফলত অৰ্ধশতকীয় ইনিংছেৰে বাংলাদেশ দলটোক 19.3 অভাৰত 3 টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত কৰিবলৈ সক্ষম হয় বাংলাদেশী খেলুৱৈগৰাকীয়ে ৷

ভাৰত-বাংলাদেশ টি-20 শৃংখলা
ভাৰত-বাংলাদেশ টি-20 শৃংখলা

ভাৰতে মেচখনত প্ৰথমে বেটিং কৰিবলৈ আহি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেট হেৰুৱাই 148 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ ভাৰতৰ হৈ ৰোহিত শৰ্মাই 9, শিখৰ ধাৱনে 41, কে.এল ৰাহুলে 15, শ্ৰেয়াছ আয়াৰে 22, ঋষভ পন্তে 27, শিৱম ডুৱে 1, ক্ৰোণাল পাণ্ডিয়াই অপৰাজিত 15 আৰু ৱাছিংটন সুন্দৰে অপৰাজিত 14 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ বাংলাদেশৰ হৈ ছাইফুল ইছলাম আৰু আমিনুল ইছলামে 2 টাকৈ উইকেট দখল কৰে ৷

ভাৰত আৰু বাংলাদেশ দলটোৱে ইয়াৰ পূৰ্বে 8 খন মেচত মুখামুখি হৈছিল ৷ য’ত ভাৰতীয় দলটোৱে বিজয় সাব্যস্ত কৰিছিল ৷ আন্তঃৰাষ্ট্ৰীয় টি-20 মেচত বাংলাদেশৰ হাতত এয়া প্ৰথমটো পৰাজয় ভাৰতৰ ৷ মুছফিকুৰ ৰহিমক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.