ETV Bharat / sports

ইংলেণ্ডৰ কাউণ্টী ক্লাৱ গ্লাম'ৰ্গানৰ সৈতে 2022 চনলৈ চুক্তিবদ্ধ লাবুচেন - মাৰ্নছ লাবুচেন

গ্লাম'ৰ্গানৰ সৈতে 2022 চনলৈ চুক্তি বৃদ্ধি কৰিলে অষ্ট্ৰেলিয়াৰ প্ৰতিভাৱান ক্ৰিকেটাৰ মাৰ্নছ লাবুচেনে ।

australia batsman marnus labuschagne to play for glamorgan until 2022

author img

By

Published : Jun 20, 2020, 4:22 PM IST

স্পৰ্টছ ডেস্ক, 20 জুনঃ ইংলেণ্ডৰ কাউণ্টী ক্ৰিকেট ক্লাৱ গ্লাম'ৰ্গানৰ সৈতে চুক্তিৰ সময়-সীমা বৃদ্ধি কৰিলে অষ্ট্ৰেলিয়াৰ প্ৰতিভাৱান ক্ৰিকেটাৰ মাৰ্নছ লাবুচেনে । 2022 চনলৈ বৃদ্ধি কৰা হৈছে চুক্তি । পূৰ্বতে দুই বছৰৰ বাবে আছিল এই চুক্তি । COVID-১৯ৰ ফলত কাউণ্টী ছিজন স্থগিত হোৱাৰ পাচতেই 2020 ছিজনত ৱেল্ছ নহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে ।

গ্লাম'ৰ্গান
গ্লাম'ৰ্গান

খেলুৱৈগৰাকীয়ে কয়,এক বছৰৰ চুক্তি বৃদ্ধি কৰা সিদ্ধান্ত মোৰ বাবে সহজ আছিল । মই 2020 ছিজনৰ বাবে গ্লাম'ৰ্গানলৈ নাযাও । মোৰ ক্লাৱৰ সৈতে প্ৰথমবৰ্ষ অতি সুন্দৰকৈ গৈ অতিবাহিত হৈছিল যাৰ বাবে মই এই ক্লাৱৰ সৈতে চুক্তি বৃদ্ধি কৰি আনন্দিত হৈছো ।

উল্লেখ্য় যে,2019ৰ কাউণ্টী চেম্পিয়নশ্বিপত 1114 ৰান কৰিবলৈ সক্ষম হৈছিল লাবুচেনে । য'ত তেওঁৰ নামত আছিল পাঁচটাকৈ শতকৰ লগতে পাঁচটাকৈ অৰ্ধশতক । এই প্ৰতিযোগিতাত তেওঁৰ গড় ৰান আছিল 65 ।

কাউণ্টী ক্ৰিকেটৰ নিৰ্দেশক মাৰ্ক বেলেছেও কয়, ক্লাৱৰ সৈতে চুক্তি বৃদ্ধি কৰাৰ সময়ত খেলুৱৈগৰাকীক কোনো দ্বিধাত থকা দেখা পোৱা নাযায় । যিটোৱে তেওঁৰ চৰিত্ৰক দৰ্শাইছে । তেওঁ ক্ৰিকেটক ভাল পায় আৰু তেওঁ আগ্ৰহ সঁচাকৈ প্ৰশংসনীয় । তেওঁৰ উপস্থিতি দলটোত এটা ভাল শক্তি প্ৰদান কৰে বুলি কয় ।

লগতে চাওকঃ কালৰূপ লৈছে পুঠিমাৰী নৈৰ খহনীয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.