ETV Bharat / sports

আফ্ৰিদীৰ সমৰ্থনত নামিল ছয়েব আখতাৰ - গেম চেঞ্জাৰ

পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাহিদ আফ্ৰিদীয়ে তেওঁৰ আত্মজীৱনী "গেম চেঞ্জাৰ"ৰ জৰিয়তে কেতবোৰ তথ্য ফাদিল কৰাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ক্ৰিকেট জগতত । বহুলোকে আত্মজীৱনী খনৰ জৰিয়তে আক্ৰমণ কৰাৰ সময়তে তেওঁৰ সৈতে থিয় দিছে প্ৰাক্তন সতীৰ্থ খেলুৱৈ ছয়েব আখতাৰ ।

আফ্ৰিদীৰ সমৰ্থনত নামিল ছয়েব আখতাৰ
author img

By

Published : May 10, 2019, 1:08 PM IST

নিউজ ডেস্ক, ১০ মে': পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ছাহিদ আফ্ৰিদীৰ প্ৰাক্তন সতীৰ্থ খেলুৱৈ ছয়েব আখতাৰে এইবাৰ আফ্ৰিদীৰ সমৰ্থনৰ বাবে আগবাঢ়ি আহিছে । এই সম্পৰ্কে পাকিস্তানৰ ৰাৱলপিণ্ডি এক্সপ্ৰেছখ্যাত বেগী বলাৰ আখতাৰে এক টেলিভিশ্বন অনুষ্ঠানৰ জৰিয়তে জনাইছিল যে, জ্যেষ্ঠ খেলুৱৈয়ে কৰা দুৰ্ব্যৱহাৰ সম্পৰ্কে খুৱ কম পৰিমাণেই আফ্ৰিদীয়ে তেওঁৰ আত্মজীৱনীত প্ৰকাশ কৰিছে । ইয়াৰে বহুকেইটা ঘটনা তেওঁ নিজ চকুৰে প্ৰত্যক্ষ কৰা বুলিও মন্তব্য কৰে আখতাৰে । আখতাৰে লগতে উল্লেখ কৰে যে, ১০ গৰাকী জ্যেষ্ঠ খেলুৱৈয়ে পাছত আফ্ৰিদীৰ ওচৰত ক্ষমা প্ৰাৰ্থনাও কৰিছিল ।

ETV BHARAT ASSAM
ছাহিদ আফ্ৰিদীৰ আত্মজীৱনী "গেম চেঞ্জাৰ"

উল্লেখ্য যে, আফ্ৰিদীৰ আত্মজীৱনী "গেম চেঞ্জাৰ"ৰ জৰিয়তে তেওঁ জ্যেষ্ঠ খেলুৱৈৰ পৰা বহুসময়ত কঠোৰ ব্যৱহাৰ লাভ কৰাৰ লগতে উদাহৰণ হিচাপে জাভেদ মিঞাদাদৰ নাম উল্লেখ কৰিছিল । আফ্ৰিদীয়ে লিখিছিল যে, পাকিস্তানৰ প্ৰাক্তন খেলুৱৈ মিঞাদাদে ১৯৯৯ চনত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত এখন টেষ্ট মেচৰ পূৰ্বে তেওঁক নেট অনুশীলন কৰিবলৈ দিয়া নাছিল ।

৪৩ বৰ্ষীয় আখতাৰেও নিজে সন্মুখীন হোৱা এনে ব্যৱহাৰৰ কথা উল্লেখ কৰি কয় যে, এবাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত এক শৃংখলাতো চাৰিজন জ্যেষ্ঠ খেলুৱৈয়ে তেওঁক বেটেৰে আঘাত কৰাৰ চেষ্টা চলাইছিল । এই আত্মজীৱনী প্ৰকাশ পোৱাৰ পাছতে আন এগৰাকী পাকিস্তানী ক্ৰিকেটাৰ ইমৰাণ ফাৰহাটে অল ৰাউণ্ডাৰ গৰাকীৰ বিৰুদ্ধে বহু কেইজন খেলুৱৈৰ কেৰিয়াৰ ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

AKHTAR SUPPORTS AFRIDI FOR HIS CONTROVERSIAL CLAIMS

উল্লেখ্য যে, আফ্ৰিদীৰ আত্মজীৱনী "গেম চেঞ্জাৰ"ৰ জৰিয়তে তেওঁ জ্যেষ্ঠ খেলুৱৈৰ পৰা বহুসময়ত কঠোৰ ব্যৱহাৰ লাভ কৰাৰ লগতে উদাহৰণ হিচাপে জাভেদ মিঞাঁদাদৰ নাম উল্লেখ কৰিছিল । আফ্ৰিদীয়ে লিখিছিল যে, পাকিস্তানৰ প্ৰাক্তন খেলুৱৈ মিঞাঁদাদে ১৯৯৯ চনত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত এখন টেষ্ট মেচৰ পূৰ্বে তেওঁক নেট অনুশীলন কৰিবলৈ দিয়া নাছিল । 

৪৩ বৰ্ষীয় আখতাৰেও নিজে সন্মুখীন হোৱা এনে ব্যৱহাৰৰ কথা উল্লেখ কৰি কয় যে, এবাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত এক শৃংখলাতো চাৰিজন জ্যেষ্ঠ খেলুৱৈয়ে তেওঁক বেটেৰে আঘাত কৰাৰ চেষ্টা চলাইছিল । এই আত্মজীৱনী প্ৰকাশ পোৱাৰ পাছতে আন এগৰাকী পাকিস্তানী ক্ৰিকেটাৰ ইমৰাণ ফাৰহাটে অল ৰাউণ্ডাৰ গৰাকীৰ বিৰুদ্ধে বহু কেইজন খেলুৱৈৰ কেৰিয়াৰ ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰিছিল । 
D6GMKUrW0AAxXm0.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.