ETV Bharat / sports

ICC World Cup 2023 : সংকটৰ পৰা ওলাব পাৰিব নে কেংগাৰু বাহিনী ?

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 11:55 AM IST

আজি লক্ষ্ণৌত অষ্ট্ৰেলিয়া মুখামুখি হ'ব শ্ৰীলংকাৰ । পইণ্ট তালিকাৰ অন্তিম স্থানত থকা অষ্ট্ৰেলিয়াৰ বাবে গুৰুত্বপূৰ্ণ হ'ব এইখন খেল । ছেমিফাইনেলত স্থান পাবলৈ কেংগাৰু বাহিনীৰ বাবে এই খেলখনত জয়ী হোৱাটো অতি প্ৰয়োজন ।

ICC World Cup 2023
সংকটৰ পৰা ওলাব পাৰিব নে কেংগাৰু বাহিনী

স্পৰ্টছ ডেস্ক,১৬ অক্টোবৰ : বেয়া দিন চলিছে অষ্ট্ৰেলিয়াৰ পুৰুষ ক্ৰিকেট দলৰ ! সম্ভৱতঃ বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়া দলটো সংকটত পৰিছে । সচৰাচৰ খেলপথাৰত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা অষ্ট্ৰেলিয়াই চলিত বিশ্বকাপত এতিয়ালৈ এখনো খেলত জয়ী হ'ব পৰা নাই । যাৰ বাবে ৫ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া চলিত বিশ্বকাপৰ দলীয় তালিকাৰ একেবাৰে শেষত আছে ।

ক্ৰীড়াই যি ধৰণে আনন্দ দিয়ে ই কেতিয়াবা বেদনাদায়ক হ'বও পাৰে । এই কথা পেট কামিন্স আৰু তেওঁৰ দলে সম্ভৱত অনুভৱ কৰিছে । কিয়নো তেওঁলোকে একেৰাহে দুখন খেলত পৰাজয়ৰ সন্মুখীন হৈছে । চলিত বিশ্বকাপত প্ৰথমে চেন্নাইত ভাৰতৰ বিৰুদ্ধে আৰু লক্ষ্ণৌত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰাজিত হৈছে কেংগাৰু বাহিনী । আজি লক্ষ্ণৌত শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয়খন খেলত অৱতীৰ্ণ হ'ব দলটো । ছেমিফাইনেলত স্থান পাবলৈ অষ্ট্ৰেলিয়াই এইখন খেলত জয় নিশ্চিত কৰিব লাগিব ।

ইফালে দেওবাৰে নিশা চলিত বিশ্বকাপত যি ঘটনা সংঘটিত হৈছে, ই সকলোকে আচৰিত কৰি তুলিছে । আফগানিস্তানে নতুন দিল্লীৰ কোটলাত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰি হতবাক কৰি তুলিছে সকলোকে ।

বৰ্তমান অষ্ট্ৰেলিয়া পইণ্ট তালিকাৰ দশম স্থানত আছে । অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে শ্ৰীলংকাৰ বিৰুদ্ধে দলটোৰ খেলৰ প্ৰাকমুহূৰ্তত কয় যে কেৱল এই মেচখনেই নহয়, ইয়াৰ পাছত সকলো মেচকে ধৰি ফাইনেলতো তেওঁৰ দলে জয়ী হ'ব । অষ্ট্ৰেলিয়া বনাম শ্ৰীলংকাৰ খেল আজি আবেলি ২ বজাৰ পৰা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামত আৰম্ভ হ'ব ।

অষ্ট্ৰেলিয়া দলটোত অপেনাৰ ডেভিদ ৱাৰ্ণাৰ, ষ্টিভ স্মিথ আৰু মাৰ্নাছ লাবুশ্বেনৰ দৰে দৃঢ় মিডল অৰ্ডাৰ বেটছমেন আছে । সমান্তৰালকৈ গ্লেন মেক্সৱেলৰ দৰে বিস্ফোৰক বেটছমেন আৰু মিচেল ষ্টাৰ্ক, জছ হেজলউড আৰু পেট কামিন্স আৰু স্পিনাৰ এডাম জাম্পাকে ধৰি একাধিক মেচ-উইনাৰ আছে । তাৰ পাছতো দলটো বিশ্বকাপৰ পইণ্ট তালিকাৰ অন্তিম স্থানত থকাত সমগ্ৰ বিশ্বৰ ক্ৰিকেট প্ৰেমীসকল আচৰিত হৈ পৰিছে ।

উল্লেখ্য যে এদিনীয়া ক্ৰিকেট ইতিহাসত অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা ১০৩ বাৰ মুখামুখি হৈছে । অষ্ট্ৰেলিয়াই ৬৩ খন মেচ জয়ী হৈছে আৰু শ্ৰীলংকাই ৩৬ খন মেচত জয়ী হৈছে । বাকী ৪ খন মেচ ফলাফল বিহীন আছিল । এদিনীয়া বিশ্বকাপৰ ইতিহাসত দুয়োটা দলে এতিয়ালৈকে ১১ বাৰ মুখামুখি হৈছে, য'ত অষ্ট্ৰেলিয়াই ৮ খন মেচত শ্ৰীলংকাক পৰাস্ত কৰিছে । আনহাতে শ্ৰীলংকাই মাত্ৰ দুখন মেচত জয়ী হৈছে ।

ইফালে অষ্ট্ৰেলিয়াই ১৯৮৭, ১৯৯৯, ২০০৩, ২০০৭ আৰু ২০১৫ চনত বিশ্বকাপৰ খিতাপ দখল কৰিছে । কিন্তু চলিত বিশ্বকাপ দলটোৰ বাবে তীব্ৰ প্ৰত্যাহ্বানপূৰ্ণ হৈ আছে । অৱশ্যে অষ্ট্ৰেলিয়াক ইমান সহজভাৱে লোৱা উচিত নহ'ব ! কিয়নো দলটোৱে এতিয়াও বিশ্বকাপৰ খিতাপ দখলৰ আশা এৰি দিয়া নাই । সেই উদ্দেশ্যে দলটোৱে আৰম্ভ কৰা বিশ্বকাপ অভিযানৰ আজিৰ খেলখন অতি গুৰুত্বপূৰ্ণ হ'ব ।

লগতে পঢ়ক :ICC World Cup 2023 : বিশ্বকাপত টাৰ্গেট অনুসৰণৰ ক্ষেত্ৰত সফল বেটছমেনৰ তালিকাৰ শীৰ্ষত ৰোহিত শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.