ETV Bharat / sports

আথিয়া চেট্টীলৈ কে এল ৰাহুলৰ জন্মদিনৰ উপহাৰ

author img

By

Published : Nov 6, 2021, 9:58 AM IST

অৱশেষত সম্পৰ্ক ৰাজহুৱা হ’ল ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুল আৰু আথিয়া চেট্টীৰ ৷ আথিয়াৰ জন্মদিন উপলক্ষে পূৰ্বে উঠা এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি ৰাহুলে মৰমেৰে জন্মদিনৰ শুভেচ্ছা জনায় ৷

Athiya Shetty and KL Rahul make their relationship public on birthday
আথিয়া চেট্টীলৈ কে এল ৰাহুলৰ জন্মদিনৰ উপহাৰ

চিটাৰা ডেস্ক, 6 নৱেম্বৰ : বলীউডৰ অভিনেতা সুনীল চেট্টীৰ জীয়ৰী আথিয়া চেট্টীয়ে শুকুৰবাৰে 29 বছৰত ভৰি দিয়ে ৷ আথিয়াৰ জন্মদিন উপলক্ষে প্ৰেমিক তথা ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুলে দুয়োৱে লণ্ডনত এক বিশেষ মূহুৰ্তত উঠা এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি জন্মদিনৰ শুভেচ্ছা জনায় ৷ আথিয়াৰ জন্মদিনতে ৰাহুলে তেওঁলোকৰ সম্পৰ্কটো ৰাজহুৱা কৰে ৷

ইয়াৰ পূৰ্বে দুয়োজনে কেতিয়াও তেওঁলোকৰ সম্পৰ্কটোৰ বিষয়ে মুকলিকৈ কোনো কথা কোৱা নাছিল যদিও অনুৰাগীসকলৰ মাজত এই বিষয়ে যথেষ্ঠ চৰ্চা হৈছিল ৷ কিন্তু দুয়োগৰাকীয়ে এই সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাছিল ৷ অৱশেষত শুকুৰবাৰে ৰাজহুৱা হৈ পৰে দুয়োৰে মাজত থকা সম্পৰ্কটোৰ কথা ৷

ক্ৰিকেটাৰ কে এল ৰাহুলে ইনষ্টাগ্ৰাম একাউণ্টত অভিনেত্ৰী আথিয়া চেট্টীৰ সৈতে শ্বেয়াৰ কৰা ফটোখনত লিখিছিল এনেদৰে "শুভ জন্মদিন ৷ মোৰ কলিজা" ৷

তথ্য অনুসৰি, ৰাহুলে আন্তঃৰাষ্ট্ৰীয় খেলৰ সময়ত BCCI ক দাখিল কৰা নথি পত্ৰত অংশীদাৰ হিচাপে আথিয়া চেট্টীৰ নাম লিখিছিল ।

আথিয়া চেট্টীক শেষবাৰৰ বাবে নৱাজুদ্দিন ছিদ্দিকিৰ সৈতে 'মতিচুৰ চকনাচুৰ' ছবিখনত দেখা গৈছিল । আথিয়াই ২০১৫ চনৰ ছবি হিৰ’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ ঘটাইছিল । ছবিখনত আথিয়াক অভিনেতা সুৰজ পাঞ্চোলীৰ বিপৰীতে অভিনয় কৰা দেখা গৈছিল ৷

লগতে চাওক: ৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ নিৰ্বাচিত অসমৰ চাৰি ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.