ETV Bharat / sports

ডেনমাৰ্ক অপেনৰ কোৱাৰ্টাৰত প্ৰৱেশ কিদাম্বি শ্ৰীকান্তৰ

author img

By

Published : Oct 15, 2020, 9:58 PM IST

The fifth seed Indian took 33 minutes to get the better of his Canadian opponent 21-15 21-14 in the men's singles second round match of the Super 750 tournament, the only event happening this year in Badminton World Federation's calendar.

Kidambi Srikanth sails into Denmark Open quarters
ডেনমাৰ্ক অপেনৰ কোৱাৰ্টাৰত প্ৰৱেশ কিদাম্বি শ্ৰীকান্তৰ

স্পৰ্টছ ডেস্ক, 15 অক্টোবৰ : জেছন অন্ঠনী হো-শুক পৰাস্ত কৰি ডেনমাৰ্ক অপেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় তাৰকা শ্বাটলাৰ কিদাম্বি শ্ৰীকান্তে ৷ 33 মিনিটৰ যুঁজত ভাৰতীয় খেলুৱৈগৰাকীয়ে কানাডিয়ান প্ৰতিপক্ষক পৰাস্ত কৰিবলৈ সক্ষম হয় ৷ পুৰুষৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত 21-15 21-14 ব্যৱধানত জেছনক পৰাস্ত কৰে শ্ৰীকান্তে ৷

উল্লেখ্য যে, ক'ভিড-19 ৰ বাবে BWF য়ে বহু কেইখন টুৰ্ণামেন্ট বাতিল কৰাৰ লগতে এছিয়া লীগ আৰু ৱৰ্ল্ড ট্যুৰ ফাইনেল জানুৱাৰী পৰ্যন্ত স্থগিত ৰাখিছিল ৷

প্ৰাক্তন শীৰ্ষ স্থানৰ শ্বাটলাৰগৰাকীৰ বৰ্তমান বিশ্ব ৰেংকিং চতুৰ্দশ ৷ দ্বিতীয় ৰাউণ্ডৰ অন্য এখন মেচৰ জয়ীৰ বিৰুদ্ধে এইবাৰ প্ৰতিযোগিতাত নামিব কিদাম্বি শ্ৰীকান্ত ৷ উল্লেখ্যযোগ্য যে, প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডৰ আনখন মেচ অনুষ্ঠিত হ'ব চাইনীজ টাইপেইৰ টিয়েন চেন চৌ আৰু আয়াৰলেণ্ডৰ এহাট এগুয়েনৰ মাজত ৷

আজিৰ দিনটোতে অন্য এখন মেচত হানছ ক্ৰিষ্টিয়ান ছলবাৰ্গ ভিট্টিনঘাছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আন এজন ভাৰতীয় শ্বাটলাৰ লক্ষ্য শেন ৷

লগতে পঢ়ক : বিশেষ চিকিৎসা বিমানেৰে জুভেন্টাছলৈ উভতিল ৰ'নাল্ডো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.