নিউজ ডেস্ক, ১৭ মাৰ্চ: ৰাষ্ট্ৰীয় অভিলেখৰ অধিকাৰী ইৰফান কে.টি. ২০২০ ৰ আৰম্ভ হ'ব লগা ট'কিঅ অলিম্পিকৰ যোগ্যতা অৰ্জন কৰা প্ৰথম ভাৰতীয় এথ্লীট্ হিচাপে পৰিগণিত হৈছে । জাপানত অনুষ্ঠিত হোৱা এছিয়ান ৱাকিং চেম্পিয়নশ্বিপৰ ২০ কি.মি. ইভেন্টত চতুৰ্থ স্থান দখলেৰে এই যোগ্যতা লাভ কৰিছে এথ্লীট্ গৰাকীয়ে ।

২৯ বছৰীয়া এথ্লীট্ গৰাকীয়ে ১ ঘন্টা ২০ মিনিট ৫৭ ছেকেণ্ড সময়েৰে অলিম্পিকত নিজৰ স্থান সুনিশ্চিত কৰে ।