ছিটাৰা ডেস্ক, 19 নৱেম্বৰ : ZEE5 India ৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) পদৰ পৰা অব্যাহতি ঘোষণা কৰিলে তৰুণ কাটিয়ালে ৷ তেওঁৰ স্থানত অমিত গোয়েংকাই এই দায়িত্ব গ্ৰহণ কৰিছে ৷ কোম্পানীয়ে প্ৰকাশ কৰা এক বিবৃতিত প্ৰকাশ পাইছে এই তথ্য ৷
বিবৃতি অনুসৰি, "ZEE5 ৰ বিকাশত তেওঁৰ (তৰুণ কাটিয়াল) অৱদানৰ বাবে আমি তেওঁক ধন্যবাদ জনাব বিচাৰিছো ৷ তেওঁৰ নেতৃত্বতে অতি কম সময়ৰ ভিতৰতে ZEE5 ভাৰতৰ বৃহত্তম ConTech ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছিল ৷ তেওঁৰ অভিজ্ঞতাৰ বাবে এক বিশাল ডিজিটেল প্লেটফৰ্ম গঢ়িবলৈ সক্ষম হ'লো ৷ তেওঁক ভৱিষ্যতৰ বাবে বহু শুভকামনা জনালো ৷"
কোম্পানীৰ মুখপাত্ৰই কয়, "নতুন সাংগঠনিক ৰণনীতি হিচাপে অমিত গোয়েংকাক ZEE5 ৰ নতুন মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্বভাৰ প্ৰদান কৰা হৈছে ৷"
লগতে পঢ়ক : Force 2 ছবিত অভিনয় কৰি গৰ্বিত সোনাক্ষী সিন্হা