চিটাৰা ডেস্ক,24 ফেব্ৰুৱাৰী: মিউজিক ভিডিঅ’ৰ বাহিৰেও বলীউডত কাম কৰিবলৈ মন মেলিছে বিগ বচ -14 ৰ টপ থ্ৰীলৈ নিৰ্বাচিত নিক্কি টাম্ব'লিয়ে ৷ দক্ষিণ ভাৰতীয় ছবিৰ এটা চিনাকী নাম নিক্কি ৷ কাঞ্চনা 3, চিকাটি গেদিলো, চিটাকটুডু আদি ছবিৰ বাবে জনপ্ৰিয় হৈ পৰিছে অভিনেত্ৰীগৰাকী ৷
বলীউডৰ চুপাৰষ্টাৰ ছলমান খানে পৰিচালনা কৰা বিগ বচ-14 ৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা টাম্ব'লিয়ে বলীউডত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে ৷ ছবিৰ সমান্তৰালকৈ মিউজিক ভিডিঅ’ আৰু এলবামতো কাম কৰিব বুলি টাম্ব'লিয়ে জানিবলৈ দিয়ে ৷
বিগ বচ-14 ত নিক্কিৰ যাত্ৰা শৃংখলাৱদ্ধ নাছিল ৷ যাত্ৰাৰ মাজভাগতে ঘৰৰ পৰা বাহিৰ হৈছিল নিক্কি ৷ পাছৰ পৰ্যায়ত চেলেঞ্জাৰ্ছসকলৰ সৈতে পুনৰ বিগ বচৰ ঘৰত প্ৰৱেশ কৰিছিল নিক্কিয়ে ৷ বিগ বচত নিজৰ যাত্ৰা সম্পৰ্কে জানিবলৈ দি নিক্কিয়ে এইবুলি কয়, "বিগ বচত মোৰ যাত্ৰা বৰ সহজ নাছিল ৷ মোৰ যাত্ৰাত মই যথেষ্ট উঠা-নমাৰ সন্মুখীন হৈছিলো ৷ বিগ বচৰ ঘৰত 143 দিন থকা অৰ্থই হ’ল পাগল হোৱা ৷ গতিকে এই যাত্ৰা মোৰ বাবে মসৃণ নাছিল"৷
উল্লেখ্য যে, নিক্কিৰ খেলৰ কৌশল সম্পূৰ্ণ নিজক লৈ আছিল আৰু তেওঁক এগৰাকী স্বতন্ত্ৰ খেলুৱৈ হিচাপে আখ্যা দিয়া হৈছিল ৷ বিগ বচ-14 ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হোৱা ৰুবিনা দিলৈকক ভগ্নী বুলি সম্বোধন কৰি নিক্কিয়ে কয় যে, ৰুবিনা দিলৈক বিজয়ী হোৱাৰ বাবে তেওঁ সুখী ৷ কাৰণ, বিগ বচৰ ঘৰত পুনৰ প্ৰৱেশ কৰাৰ সময়ত টপ 6 লৈকে যাব পাৰিব বুলি নিক্কিয়ে মুঠেও আশা কৰা নাছিল ৷
লগতে পঢ়ক: ‘বিগ বচ-14’ৰ খিতাপ দখল কৰিলে অভিনেত্ৰী ৰুবিণা দিলৈকে