ETV Bharat / sitara

কৰ'ণাত আক্ৰান্ত টেলিভিছন তাৰকা মোহিনা কুমাৰী

author img

By

Published : Jun 9, 2020, 6:37 PM IST

টেলিভিছন তাৰকা মোহিনা কুমাৰী সিং বৰ্তমান কৰ'ণাত আক্ৰান্ত ৷ কেৱল অভিনেত্ৰীগৰাকীয়েই নহয় তেওঁৰ শাহু-শহুৰো আক্ৰান্ত হৈছে কৰ'ণাত ৷

Mohena kumari singh gets emotional while speaking after found covid19 positive
কৰ'ণাত আক্ৰান্ত টেলিভিছন তাৰকা মোহিনা কুমাৰী

চিটাৰা ডেস্ক,9 জুনঃ কৰ'ণাত আক্ৰান্ত টেলিভিছন তাৰকা মোহিনা কুমাৰী ৷ অভিনেত্ৰী গৰাকীৰ লগতে তেওঁৰ শাহু-শহুৰৰ দেহতো ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷

কৰ'ণা পৰীক্ষণ পজিটিভ অহাৰ পিছত তেওঁলোকক ঋষিকেশ স্থিত এইমছ হাস্পতালত ভৰ্ত্তি কৰা হয় ৷ অভিনেত্ৰী গৰাকীয়ে হাস্পতালৰ পৰাই ইনষ্টাগ্ৰাম একাউন্ট যোগে এটা ভিডিঅ' শ্বেয়াৰ কৰে ৷ তেওঁৰ লগত হোৱা এই সমগ্ৰ ঘটনা তেওঁ ভিডিঅ' যোগে ব্যক্ত কৰাৰ লগতে সকলোকে ঘৰতে সুৰক্ষিত হৈ থাকিবলৈ অনুৰোধ কৰে ৷

জানিব পৰা মতে,মোহিনাৰ ঘৰৰ মুঠ 21 জন সদস্যৰ শৰীৰলৈ বিয়পিছে এই কৰ'ণা ভাইৰাছ ৷ কৰ'ণাৰ সৈতে যুঁজি থকা অভিনেত্ৰীগৰাকীয়ে ভিডিঅ'টোৰ মাজতে যথেষ্ট আৱেগিক হৈ পৰে ৷

এইখিনিতে জনাই থও যে,মোহিনা কুমাৰী উত্তৰাখণ্ডৰ কেবিনেট সতপাল মহাৰাজৰ বোৱাৰী ৷ মোহিনাই "য়হ ৰিস্তা কিয়া কেহলাতা হে","ডাঞ্চ ইণ্ডিয়া ডাঞ্চ ছিজন 3"ৰ উপৰিও বহুতো টেলিভিছন শ্ব'ৰ বাবে কাম কৰিছিল ৷ অৱশ্যে 2019চনত তেওঁ বিবাহৰ পিছৰ পৰা অভিনয়ৰ ক্ষেত্ৰৰ পৰা আঁতৰি আছিল ৷

লগতে পঢ়কঃ শীঘ্ৰেই অটিটি প্লেটফৰ্মত মুক্তি পাব জাহ্নৱী কাপুৰৰ গুঞ্জন চাক্সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.