ETV Bharat / sitara

বিগ বছৰ আটাইতকৈ বিতৰ্কিত কাজিয়াসমূহ...

বিগ বছৰ 14 চিজনতকৈও পূৰ্বে প্ৰতিযোগীসকলৰ মাজত বহু বিতৰ্কিত আক্ৰমণ-প্ৰত্যাক্ৰমণ হোৱা পৰিলক্ষিত হৈছে ৷ এই সন্দৰ্ভত ইটিভি ভাৰত চিটাৰা এক প্ৰতিবেদন...

Bigg Boss: The most controversial fights
বিগ বছৰ আটাইতকৈ বিতৰ্কিত কাজিয়াসমূহ
author img

By

Published : Nov 19, 2020, 2:12 PM IST

চিটাৰা ডেস্ক,19 নৱেম্বৰ : টেলিভিশ্বনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’সমূহৰ ভিতৰত শীৰ্ষত বিগ বছকেই ধৰা হয় ৷ বিগ বছৰ প্ৰতিটো চিজনতেই প্ৰতিযোগীসকলৰ মাজত বহুকেইটা বিতৰ্কিত আক্ৰমণ-প্ৰত্যাক্ৰমণ হোৱা দেখা যায় ৷

2006 চনতে আৰম্ভ হোৱা বিগ বছৰ প্ৰতিখন কাজিয়াই দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰে ৷ সেই কাজিয়াসমূহৰ ভিতৰত-

ৰাখি চাৱন্ত বনাম কাশ্মীৰা শ্বাহ :

বিগ বছৰ প্ৰথমটো চিজনত কাশ্মীৰা শ্বাহে ৰাখী চাৱন্তৰ বিৰুদ্ধে অভিসন্ধি ৰচনা কৰে ৷ ইয়াৰ পাচতে দুয়োৰে মাজত কাজিয়া আৰম্ভ হয় ৷ মগৰ নিচিনা সৰু সৰু বস্তুক লৈও দুয়োৰে মাজত কাজিয়া হয় ৷

কমল ৰাশ্বিদ খান বনাম ৰোহিত বাৰ্মা :

তৃতীয় চিজনত কমল ৰাশ্বিদ খান অৰ্থাৎ কেআৰকেয়ে প্ৰতিযোগী ৰোহিত বাৰ্মাৰ সৈতে বাৰ্তালাপ কৰাৰ পাচত থুৰে আক্ৰমণ আৰম্ভ হয় ৷ এই আক্ৰমণেই ভয়ানক ৰূপ লোৱাত কেআৰকেই ৰোহিতৰ গালৈ বটল দলিয়ায় আৰু ইয়াৰ পৰিণতিত ৰেআৰকেক বিগ বছৰ পৰা বাহিৰ কৰি দিয়া হয় ৷

ডলী বিন্দ্ৰা বনাম মনোজ তিৱাৰী আৰু শ্বেতা তিৱাৰী :

ডলী বিন্দ্ৰা আৰু মনোজ তিৱাৰীৰ মাজত হোৱা ‘বাপ পে মত জানা’ শীৰ্ষক তৰ্কই বিগ বছৰ ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় ৷ ভোজপুৰী গায়ক মনোজে আহাৰত কণী বিচৰাৰ পাচতে এই কাজিয়া আৰম্ভ হয় ৷

ইয়াৰোপৰি ডলীয়ে শ্বেতা তিৱাৰীৰ সৈতে শাৰীৰিক আক্ৰমণত লিপ্ত হয় ৷ ডলীয়ে ৱাইল্ড কাৰ্ড হিচাপে শ্ব’ত সোমোৱাৰ দিনাই দুয়োৰে মাজত কাজিয়া আৰম্ভ হয় ৷

আকাশদ্বীপ ছেইগাল বনাম মেহেক চহল :

আকাশদ্বীপ ছেইগাল আৰু মেহেক চহলৰ মাজৰ আক্ৰমণ-প্ৰত্যাক্ৰমণেও দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় ৷ আকাশদ্বীপে মেহেকৰ অতীতৰ কথা খুচৰাৰ পাচতে এই কাজিয়াৰ আৰম্ভণি হয় ৷ ইয়াৰ পাচতে মেহেকে বাথৰুমৰ ভিতৰত গৈ কান্দি থকা পৰিলক্ষিত হয় ৷

পূজা মিশ্ৰা বনাম চোনালী নাগৰাণী : বিগ বছৰ পঞ্চম চিজনত পূজাৰ অগ্ৰহণযোগ্য ব্যৱহাৰৰ বাবে প্ৰতিযোগী চোনালীৰ সৈতে কাজিয়া আৰম্ভ হয় পূজাৰ ৷ পূজাই এটি ডাষ্টবিন ভাঙি পেলাই কোৱা ‘গেট অৱ মাই বেক’ কথাষাৰ চৰ্চিত হৈ পৰে ৷

ইমাম ছিদ্দিকী বনাম উৰ্বশী ঢোলাকিয়া আৰু আশ্কা গোৰাডিয়া :

বিগ বছৰ আটাইতকৈ বিতৰ্কিত প্ৰতিযোগীসকলৰ তালিকাত ইমাম ছিদ্দিকীক ৰখা হৈছে ৷ সাজ-পোছাক, বেগৰ পৰা আৰম্ভ কৰি ব্যৱহাৰলৈকে সকলোতে অগ্ৰহণযোগ্য ব্যৱহাৰ কৰিছিল ইমামে ৷ ইমামে উৰ্বশীৰ ব্য়ক্তিগত জীৱনক লৈ বেয়া মন্তব্য দিছিল আৰু ঠাট্টা কৰিছিল ৷ তাৰ পাচতেই দুয়োৰে মাজত আক্ৰমণাত্মক কাজিয়া আৰম্ভ হয় ৷

আনহাতে অন্য এদিন ইমামে পিন্ধি থকা সকলো কাপোৰ খুলি দিয়ে আৰু প্ৰতিযোগী আশ্কা গোৰাডিয়াক জোকাবলৈ আৰম্ভ কৰে ৷ ইয়াৰ পাচতে ইমামক বিগ বছৰ পৰা বাহিৰ কৰি দিয়া হয় ৷

স্বামী ওম বনাম ৰোহন মেহৰা আৰু বাণী জে :

বিগ বছৰ আটাইতকৈ ঘৃণিত প্ৰতিযোগীসকলৰ ভিতৰত স্বামী ওমৰ নাম দৰ্শকৰ মাজত চৰ্চিত হয় ৷ দশম চিজনত নিজকে গুৰু হিচাপে আখ্যা দিয়া স্বামী ওমে এটি টাস্কৰ সময়ত প্ৰতিযোগী বাণী জে আৰু ৰোহন মেহৰাৰ গালৈ প্ৰসাৱ দলিয়ায় ৷ ইয়াৰ পাচতে ওমক বিগ বছৰ পৰা বাহিৰ কৰি দিয়ে ৷

সিদ্ধাৰ্থ শুক্লা বনাম ৰশ্মি দেশাই :

বিগ বছৰ ত্ৰয়োদশ চিজনত সিদ্ধাৰ্থ শুক্লা আৰু ৰশ্মি শৰ্মাৰ তৰ্কই চৰ্চা লাভ কৰিছিল ৷ সিদ্ধাৰ্থে ৰশ্মিক আচীম ৰিয়াজৰ ‘নৌকৰাণী’ বুলি কোৱাৰ পাচতেই দুয়োৰে মাজত ভীষণ কাজিয়া আৰম্ভ হয় ৷ অৱশ্যে দুয়োৰে মাজত হোৱা প্ৰতিখন কাজিয়াই দৰ্শকৰ মাজত চৰ্চা লাভ কৰে ৷

ইজাজ খান বনাম কবিতা কৌশিক :

বিগ বছৰ চলিত অৰ্থাৎ চতুৰ্দশ চিজনত প্ৰতিযোগী ইজাজ খান আৰু কবিতা কৌশিকৰ মাজতো তৰ্ক আৰম্ভ হয় ৷ ইজাজে কণী দিব বিচৰাত কবিতাই ইজাজক ঠাট্টা কৰে আৰু ইজাজৰ খং উঠে . খঙত ইজাজে কবিতাক চাৰিবাৰ ঠেলা মাৰি দিয়ে ৷ এতিয়াও দুয়োৰে কাজিয়া অব্যাহত আছে ৷

লগতে পঢ়ক : জন্মদিন বিশেষ : নিজৰ চৰ্তৰে জীৱন-যাপনৰ অন্য এটি নাম ‘সুস্মিতা সেন’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.