নিউজ ডেক্স,23মাৰ্চঃঅক্ষয় কুমাৰ আৰু পৰিণীতি চোপ্ৰাই অভিনয় কৰা হিন্দী ছবি ‘কেশৰী’য়ে এদিনতে উপাৰ্জন কৰিলে ২২কোটি টকা। ২১ মাৰ্চত মুক্তি পোৱা এই ছবিখনে লাভ কৰিছে দৰ্শকৰ বিপুল সঁহাৰি।

অনুৰাগ সিঙ পৰিচালিত অক্ষয় কুমাৰ অভিনীত বহু প্ৰত্যাশিত চলচ্চিত্ৰ কেশৰীয়ে প্ৰথমটো দিনতে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ বক্স অফিচ ইণ্ডিয়াৰ ৰিৰ্পট অনুসৰি চলচ্চিত্ৰখনে মুক্তিৰ প্ৰথমটো দিনতে 2২কোটি অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ লগতে বক্স অফিচত চলিতবৰ্ষতমুক্তিৰপ্ৰথম দিনৰ সৰ্বাধিক অৰ্জন কৰা ছবিহিচাপে ৰেৰ্কড গঢ়িবলৈ সক্ষম হৈছে ৷দেশৰ ভিতৰতে আটাইতকৈ বেছি গুজৰাটৰ পৰা ভাল ফল পাবলৈ সক্ষম হৈছে চলচ্চিত্ৰখনে৷ চলচ্চিত্ৰখনত অক্ষয় কুমাৰে হাবিলদাৰ ঈশ্বৰ সিঙৰ চৰিত্ৰ ৰূপায়ন কৰিছে ৷

উল্লেখ্য যে, 1897চনত দহ হাজাৰ আফগান আৰ্মীৰ বিৰুদ্ধে একৈশজন শিখ সৈন্যই সাহসেৰে যুঁজ দিয়াৰ সত্য কাহিনীৰ আলমত নিৰ্মিত চলচ্চিত্ৰ কেশৰীয়ে এটা দিনৰ ভিতৰতে দৰ্শকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷