টিংখাং, ৩০ ডিচেম্বৰ: টিংখাং চাহ বাগিচাৰ শ্ৰমিকৰ উন্নয়নৰ এক বাস্তৱ প্ৰতিচ্ছবি দাঙি ধৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হ'ব 'হামদেৰ চৰকাৰ' ।

টিংখাং সমষ্টিৰ বিধায়ক বিমল বড়াৰ সহযোগত ভাৰতীয় জনতা পাৰ্টীৰ টিংখাং সমষ্টিৰ চাহ জনগোষ্ঠী মৰ্চাৰ সৌজন্যত শিৱশক্তি ফিল্মছ আৰু টেলিভিছনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া তথ্যভিত্তিক ছবি 'হামদেৰ চৰকাৰ'ৰ শুভ মহুৰত সম্পন্ন হয় ।

অনুষ্ঠানটিত উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টীৰ মিডিয়া কোষৰ ৰাজ্যিক সদস্য বিষ্ণু কোচ, বিজেপিৰ অসম প্ৰদেশৰ চাহ জনগোষ্ঠী মৰ্চাৰ উপ-সভাপতি দীপক তাঁতী, চাহ জনগোষ্ঠী মৰ্চাৰ ডিব্ৰুগড় জিলাৰ উপ-সভাপতি নাৰায়ন তেলীয়ে ছবিখনৰ শুভ মহুৰত সম্পন্ন কৰে ।

উক্ত অনুষ্ঠানত বিজেপিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থকাৰ লগতে ছবিখনৰ পৰিচালক শিউ প্ৰসাদ ৰয়, সহ পৰিচালক শশী কুৰ্মী তথা সকলো কলা-কুশলী আৰু স্থানীয় বহুকেইজন সচেতন ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:আহি আছে পৱন কল্যাণৰ নতুন ছবি 'ভাকিল ছাব'