ETV Bharat / sitara

বিদ্যা বালানৰ সৈতে নতুন ছবিত প্ৰতীক গান্ধী

author img

By

Published : Jun 19, 2021, 1:43 PM IST

গুজৰাটী অভিনেতা প্ৰতীক গান্ধীক এইবাৰ মোহময়ী অভিনেত্ৰী বিদ্যা বালানৰ সৈতে দেখা যাব 'শ্লাইচ-অফ-লাইফ' ছবিত । ছবিখনৰ বাবে ইতিমধ্যে চুক্তি স্বাক্ষৰ কৰিছে অভিনেতাগৰাকীয়ে ।

Pratik
বিদ্যা বালানৰ সৈতে নতুন ছবিত প্ৰতীক গান্ধী

চিটাৰা, ১৯ জুন : তাপসী পান্নু (Tapsee Pannu)ৰ সৈতে এখন ছবিত অভিনয় কৰাৰ পিছত পিছত 'স্কেম ১৯৯২'ৰ(Scam 1992) অভিনেতা প্ৰতীক গান্ধী পুনৰ এগৰাকী বলীউডৰ শীৰ্ষ নায়িকাৰ সৈতে পৰ্দাত ৰোমাঞ্চৰ সুযোগ লাভ কৰিছে । অভিনেতাগৰাকীয়ে আহিবলগীয়া 'শ্লাইচ-অফ-লাইফ' ছবি বাবে ইতিমধ্যে স্বাক্ষৰ কৰিছে য'ত তেওঁৰ সৈতে দেখা যাব মোহময়ী অভিনেত্ৰী বিদ্যা বালানক ।

দুই দম্পতীৰ কাহিনীৰে এলিপ্চিছ এণ্টাৰটেইনমেণ্টৰ (Ellipsis Entertainment) বেনাৰত নিৰ্মাণ হ'বলগীয়া ছবিখনৰ বাবে ইতিমধ্যে বিদ্যা বালান আৰু প্ৰতীকে হস্তাক্ষকৰ কৰিছে । প্ৰতীক আৰু বিদ্যা ছবিখনৰ বাবে সাজু হৈছে যদিও ছবি নিৰ্মাতাসকলে এতিয়া আন এক দম্পতীৰ সন্ধানত আছে ।

বিজ্ঞাপন জগতৰ এক পৰিচিত নাম শিৰশা গুহ থাউৰ্টাৰ দ্বাৰা পৰিচালিত আহিবলগীয়া ছবিখনে এক বিশেষ কাহিনীৰ জৰিয়তে পুৰুষ প্ৰধান সমাজক প্ৰত্যাহ্বান জনাব বুলি ধৰণা কৰা হৈছে। ৰাম গোপাল বাৰ্মাৰ দ্বাৰা পৰিচালিত ৰণ, ফুক আৰু কণ্ট্ৰাক্টৰ দৰে চলচ্চিত্ৰত সহকাৰী পৰিচালক হিচাপে কাম কৰা শিৰশাৰ পৰিচালনাত আত্মপ্ৰকাশ কৰিব তেওঁৰ প্ৰথম খন ছবি ।

বিদ্যা বালানৰ সৈতে কাম কৰাৰ পূৰ্বে লক্ষণীয়ভাৱে প্ৰতীকে ইতিমধ্যে বিদ্যা বালানৰ স্বামী সিদ্ধাৰ্থ ৰয় কাপুৰৰ এখন চলচ্চিত্ৰত স্বাক্ষৰ কৰিছে । 'ৱহ লড়কী হে কাহা'ত (woh ladki hai kahan) তাপসীৰ সৈতে প্ৰতীকৰ ছবিখন সিদ্ধাৰ্থ ৰয় কাপুৰে বেংক্ৰল কৰিছে । আৰ্শাদ চৈয়দৰ দ্বাৰা পৰিচালিত এই ছবিখনে বছৰৰ শেষৰ ফালে মুক্তি লাভ কৰিব ।

ইফালে, প্ৰতীকে জেকি শ্ৰফ আৰু শৰ্মিন চেগালৰ সৈতে হাৰ্ডিক গজ্জাৰৰ ছবি 'অতিথি ভূতো ভৱ'ত (Atithi Bhooto Bhava) একক নায়ক হিচাপে অভিনয় কৰিবলৈ সাজু হৈছে । অভিনেতাজনক শেষবাৰৰ বাবে গুজৰাটী ৱেব চিৰিজ বিট্টাল তিদীত(Vitthal Teedi) দেখা গৈছিল।

ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী বিদ্যা বালানে তেওঁৰ শেহতীয়া 'শ্বেৰ্নী'ৰ(Sherni) বাবে প্ৰশংসা লাভ কৰিছে । 'নিউটন'ৰ পৰিচালক অমিত মচুৰকাৰৰ চলচ্চিত্ৰত বিদ্যাই এগৰাকী পোনপটীয়া বন বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে যি এটা মানুহ খোৱা বাঘিনীৰ সন্ধানত আছিল ।

লগতে পঢ়ক:একেলগে কাম কৰিব শেখৰ কাম্মুলা আৰু ধনুষে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.