ETV Bharat / sitara

পৰম্পৰাগতভাৱে আৰতীৰে ৰজনীকান্তক স্বাগতম পত্নীৰ : ফটো ভাইৰেল

author img

By

Published : Dec 28, 2020, 1:38 PM IST

হাস্পতালৰ পৰা দেওবাৰে অব্যাহতি লাভ কৰাৰ পাচত নিজ বাসগৃহলৈ উভতে অভিনেতা ৰজনীকান্তে ৷ চেন্নাইস্থিত পোচ বাগানৰ বাসগৃহত উপস্থিত হোৱাৰ পাচতে পত্নীয়ে অভিনেতা গৰাকীক পৰম্পৰাগতভাৱে আৰতীৰে স্বাগতম জনোৱা দৃশ্য ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত ৷

Rajinikanth's wife welcomes him home
ৰজনীকান্তক স্বাগতম পত্নীৰ

চিটাৰা ডেস্ক,28 ডিচেম্বৰ : হায়দৰাবাদস্থিত এপ’লো হাস্পতালৰ পৰা দেওবাৰে অব্যাহতি লাভ কৰে অভিনেতা ৰজনীকান্তে ৷ ৰক্তচাপ সম্বন্ধীয় আৰু স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে হাস্পতালত ভৰ্তি হোৱাৰ দুদিন পাচত হাস্পতাল কৰ্তৃপক্ষই অব্যাহতি দিয়ে অভিনেতা গৰাকীক ৷

চেন্নাইস্থিত পোচ বাগানৰ বাসগৃহলৈ উভতাৰ পাচত পত্নী লাথা ৰজনীকান্তে পৰম্পৰাগতভাৱে আৰতীৰে স্বাগতম জনায় স্বামী ৰজনীকান্তক ৷ এই দৃশ্য এতিয়া ভাইৰেল হৈছে চ’ছিয়েল মিডিয়াত ৷

Rajinikanth's wife welcomes him home
ৰজনীকান্তক স্বাগতম পত্নীৰ

আগন্তুক ছবি ‘Annaatthe’ৰ বাবে বিগত কিছুদিনৰ পৰা হায়দৰাবাদত দৃশ্যগ্ৰহণৰ কামত ব্যস্ত আছিল ৰজনীকান্ত ৷ ছবিখনৰ সৈতে জড়িত কেইবাজনো কলা-কুশলী ক’ভিড-19ত আক্ৰান্ত হোৱাৰ পাচত ৰজনীকান্তে শ্বাৱ পৰীক্ষা কৰে যদিও তেওঁৰ ফলাফলত নিগেটিভ পোৱা যায় ৷ ইয়াৰ পাচতে ৰজনীকান্তে নিজাকৈ আইশ্ব’লেচনত থাকিবলৈ লয় ৷

আগন্তুক বৰ্ষৰ জানুৱাৰী মাহত ৰাজনীতিত প্ৰৱেশ কৰাৰ আশা কৰা ৰজনীকান্তক সম্প্ৰতি ক’ভিড-19 সংক্ৰমণ হ’ব পৰা স্থান পৰিত্যাগ কৰিবলৈ আহ্বান জনোৱা হয় ৷

লগতে পঢ়ক : বচ্চন পাণ্ডে : 30 দিনৰ সময়সূচীৰে জেইছালমেৰলৈ ৰাওনা হ’ব অক্ষয়,কৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.