চিটাৰা ডেস্ক, ২০ নৱেম্বৰ: নেটফ্লিক্সত মুক্তি পাবলগীয়া এক্সন-এডভেন্সাৰ ছবি 'উই কেন বি হিৰ'জ'ৰ দৃশ্যগ্ৰহণৰ সময়খিনি আটাইতকৈ ভাল সময় আছিল বুলি টুইটযোগে প্ৰকাশ কৰে প্ৰিয়ংকা চৌপ্ৰা জ'নাছে । টুইটযোগে এক্সন-এডভেন্সাৰ ছবি 'উই কেন বি হিৰ'জ'ৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰি প্ৰিয়ংকা বৰ্তমান দৰ্শকৰ প্ৰতিক্ৰিয়াৰ বাবে অপেক্ষাৰত বুলি মন্তব্য কৰে । 'উই কেন বি হিৰ'জ' প্ৰিয়ংকাক এজাক শিশুৰ বিপৰীতে দেখুওৱা হৈছে যিসকল শিশুৰ ছুপাৰহিৰো পিতৃ-মাতৃক এলিয়েনছে অপহৰণ কৰে আৰু শিশুসকলে অপহৃত পিতৃ-মাতৃক উদ্ধাৰৰ চেষ্টা চলায় ।
ছবিখন নিৰ্মাণ, নিৰ্দেশনাৰ লগতে কাহিনীভাগ ৰচনা কৰিছে ব্লকব্লাষ্টাৰ ছবি এলিটা: বেটেল এঞ্জেলৰ নিৰ্মাতা ৰবাৰ্ট ৰড্ৰিগেজে। প্ৰিয়ংকাই বৃহস্পতিবাৰে টুইটযোগে ছবিখনৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰে আৰু দৃশ্যগ্ৰহণস্থলীত কটোৱা মধুৰ মুহূৰ্ত ৰোমন্থন কৰে । অভিনেত্ৰীগৰাকীয়ে কয় যে, 'দৃশ্যগ্ৰহণৰ সময়খিনি, বিশেষভাৱে ৰবাৰ্ট ৰড্ৰিগেজ আৰু চুপাৰ কিডছৰ সৈতে কটোৱা সময়খিনি মোৰ বাবে অতিকৈ ভাল সময় আছিল ।'
নৱবৰ্ষৰ প্ৰথম দিনটোতে নেটফ্লিক্সত ছবিখন মুক্তি দিয়াৰ কথাও প্ৰকাশ কৰে প্ৰিয়ংকাই । তেওঁৰ উপৰিও ছবিখনত অভিনেতা পেড্ৰ' পাস্কেল, খ্ৰীষ্টিয়ান শ্লেটাৰ, বয়ড হ'লব্ৰুক, ছাং কাং আৰু প্ৰবীন অভিনেতা খ্ৰীষ্ট'ফাৰ মেকড'নাল্ডে অভিনয় কৰিছে । শিশু শিল্পীসকলৰ ভিতৰত আছে আকিৰা আকবৰ, নাথান ব্লেয়াৰ, এণ্ড্ৰিও ডিয়াজ, এণ্ডি ৱাকেন আৰু হালা ফিনলে। পূৰ্বেও হলীউড ছবি বেৱাটছত কাম কৰাৰ অভিজ্ঞতা থকা প্ৰিয়ংকাৰ নতুন ছবিখনক লৈ আশাবাদী অনুৰাগী ।
লগতে পঢ়ক:মোৰ ছবিসমূহে দৰ্শকক চিন্তা কৰাৰ সুযোগ দিয়েঃ ভূমি পেডনেকাৰ