ETV Bharat / sitara

DDLJ ৰ 25 বছৰ: লণ্ডনৰ "Scenes in the Square" ত স্থাপন হ'ব শ্বাহৰুখ-কাজলৰ মূৰ্তি - SRK-Kajol

জনপ্ৰিয় ছবি DDLJ য়ে 25 বছৰ সম্পূৰ্ণ কৰিব চলিত বৰ্ষৰ 20 অক্টোবৰত ৷ লণ্ডনৰ "Scenes in the Square" ত স্থাপন হ'ব শ্বাহৰুখ-কাজলৰ মূৰ্তি ৷ লণ্ডনৰ Scenes in the Squareতে ছবি খনৰ বহু অংশৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ৷

Scenes in the Square" ত স্থাপন হ'ব শ্বাহৰুখ-কাজলৰ মূৰ্তি

author img

By

Published : Oct 19, 2020, 10:26 PM IST

চিটাৰা ডেস্ক, 19 অক্টোবৰ: Heart of London Business Alliance এ সোমবাৰে ঘোষণা কৰে যে, দিলৱালে দুলহানিয়া লে জায়েংগেৰ পৰা জনপ্ৰিয় হৈ পৰা যুটি শ্বাহৰুখ খান আৰু কাজলৰ মূৰ্তি স্থাপন কৰা হ'ব লণ্ডনৰ লাইচেষ্টাৰ স্কুৱেৰৰ "Scenes in the Square" ত ৷ দুয়োগৰাকী তাৰকাৰ জনপ্ৰিয় ছবি DDLJ য়ে 25 বছৰ সম্পূৰ্ণ কৰিব চলিত বৰ্ষৰ 20 অক্টোবৰত ৷ লণ্ডনৰ সেই স্থানতে ছবি খনৰ বহু অংশৰ দৃশ্যগ্ৰহণ কৰা হৈছিল ৷

2021 বৰ্ষৰ বসন্তত মূৰ্তিটো উন্মোচন কৰা হ'ব ৷ আয়োজক সকলে ছবিখনৰ "ৰাজ" আৰু "ছিমৰণে" বিশেষ উদযাপন অনুষ্ঠানত উপস্থিত থাকি মূৰ্তিটো উদ্বোধন কৰিব বুলি আশা প্ৰকাশ কৰে ৷

এয়াই প্ৰথমবাৰৰ বাবে সংযুক্ত গণৰাজ্যত স্থাপন হোৱা বলীউডৰ দীৰ্ঘকালীন মূৰ্তি হ'ব ৷ যশৰাজ ফিল্মছৰ বেনাৰত মুক্তি পাইছিল DDLJ ৷ প্ৰযোজনা সংস্থাৰ উপ-সভাপতি অৱতাৰ পাণেচাৰে উল্লেখ কৰা অনুসৰি, "25 বছৰ পূৰ্বে মুক্তি লাভ কৰা ছবিখনে উদ্যোগটোৰ চেহেৰাই সলনি কৰি পেলাইছিল আৰু সকলোৰে মন চুই গৈছিল ৷ আমি মূৰ্তি স্থাপনৰ বিষয়টোক লৈ বাৰুকৈয়ে সুখী হৈছো আৰু Scenes in the Squareত প্ৰতিনিধিত্ব কৰা ইয়েই ভাৰতীয় মূলৰ প্ৰথমখন ছবি হ'ব ৷"

শ্বাহৰুখ-কাজলৰ DDLJ ছবিখন আজিও জনসাধাৰণৰ মাজত বহুল সমাদৃত ৷ ৰাজ-ছিমৰণৰ প্ৰেমে যে কেৱল উদ্যোগটোকেই নতুন মাত্ৰা দিছিল তেনে নহয়, সেই কাহিনীক লৈ সৃষ্টি হৈছিল অনেক প্ৰেম কাহিনীও ৷

লগতে পঢ়ক: অসমৰ চিকিৎসকৰ পৰা নৃত্য শিকিবলৈ আগ্ৰহ প্ৰকাশ হৃত্বিক ৰোছনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.