ETV Bharat / sitara

ভুল গ্ৰহণযোগ্যতা: যেতিয়া ছবিয়ে অপৰাধীক অনুপ্ৰেৰণা যোগায়...

মনোৰঞ্জনৰ বাবে চলচ্চিত্ৰ আটাইতকৈ ভাল মাধ্য়ম ৷ ছবিসমূহত সামাজিক, আৰ্থিক, সাংস্কৃতিক আৰু ৰাজনৈতিক সকলো দিশ দেখুওৱা পৰিলক্ষিত হয় ৷ মনোৰঞ্জনৰ উপৰিও গণসংযোগ মাধ্যমযোগে ছবিয়ে মানুহক আকৰ্ষিত কৰে ৷ কিন্তু স্ক্ৰীণত দেখুওৱা কিছুমান অপৰাধ-অন্য়ায়ে দৰ্শকসকলৰ মনত বাস্তৱিকতে প্ৰভাৱ পেলায় ৷ এনেধৰণৰ ছবিয়ে দৰ্শকৰ মন বিপৰীত দিশে সলনি কৰাই দিয়ে ৷

ভুল গ্ৰহণযোগ্যতা : যেতিয়া ছবিয়ে অপৰাধীক অনুপ্ৰেৰণা যোগায়

author img

By

Published : Nov 15, 2020, 7:51 PM IST

চিটাৰা ডেস্ক,15 অক্টোবৰ : ছবিয়ে আমাক হহুৱায়, কন্দুৱায় আৰু মনোৰঞ্জনৰ আমোদ প্ৰদান কৰে ৷ কিছুসংখ্য়ক ছবিয়ে আমাক জীৱনৰ জ্ঞানো প্ৰদান কৰে ৷ কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে, বহু লোকে কেৱল মনোৰঞ্জনৰ বাবেই ছবি উপভোগ নকৰে ৷ ছবিত দেখুওৱা কিছুমান নকৰাত্মক কাম বাস্তৱিকতে প্ৰয়োগ কৰা পৰিলক্ষিত হয় ৷

মিৰ্জাপুৰ ৱেব চিৰিজৰ পৰা অভিনেতা দিব্যেন্দু শৰ্মা

শেহতীয়াকৈ নিকিতা তোমাৰৰ হত্য়াকাণ্ডত জড়িত অভিযুক্তৰ স্বীকাৰোক্তি অনুসৰি,তেওঁ মিৰ্জাপুৰৰ অভিনেতা দিব্যেন্দু শৰ্মাৰ চৰিত্ৰ ‘মুন্না’ ওৰফে ফুলচন্দ ত্ৰিপাঠীৰ চৰিত্ৰটো বাস্তৱত প্ৰয়োগ কৰে ৷ 21 বছৰীয়া নিকিতাই অভিযুক্তৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবে 26 অক্টোবৰত কলেজৰ বাহিৰতে নিকিতাক গুলীয়াই হত্যা কৰে অভিযুক্তজনে ৷

ডৰ ছবিখনৰ পৰা শ্বাহৰুখ খান
ডৰ ছবিখনৰ পৰা শ্বাহৰুখ খান

অৱশ্যে এইটো প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও এনেকুৱা ঘটনাৰ বহু উদাহৰণ আছে-

2016 চনত স্নেপডীলত কাম কৰা দীপ্তি চৰ্ণাক দেৱেন্দ্ৰ কুমাৰ নামৰ এজন লোকে অপহৰণ কৰিছিল ৷ অভিযুক্তৰ স্বীকাৰোক্তি অনুসৰি, তেওঁ 1993 চনত মুক্তিলাভ কৰা ‘ডৰ’ ছবিখনৰ পৰা অপহৰণৰ কৌশল আয়ত্ব কৰিছিল ৷ ছবিখনত শ্বাহৰুখ খানে এজন চিকাৰীৰ ভুমিকা পালন কৰিছিল ৷ অৱশ্য়ে অপহৰণৰ দুদিন পাচত দীপ্তিৰ সন্ধান উলিওৱা হয় ৷

বন্তী ঔৰ বাবলী ছবিখনৰ পৰা অভিষেক বচ্চন আৰু ৰাণী মুখাৰ্জী

2013 আৰু 2014 চনত বহু সন্ধানৰ পাচত 2017 চনত জগজীত আৰু তেওঁৰ মহিলা গেংটোক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ডকাইটি, চুৰিকাণ্ড, আক্ৰমণ আদি সন্দৰ্ভত গেংটোক গ্ৰেপ্তাৰ কৰা হয় ৷ গেংটোৰ স্বীকাৰোক্তি অনুসৰি, তেওঁলোকে অভিষেক বচ্চন আৰু ৰাণী মুখাৰ্জী অভিনীত বন্তী ঔৰ বাবলী ছবিখনৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল ৷

ধুম ছবিখনৰ পোষ্টাৰ
ধুম ছবিখনৰ পোষ্টাৰ

2008 বৰ্ষৰ আৰম্ভণিতে কেৰালাৰ দক্ষিণ মালাবৰ গ্ৰামীণ বিকাশ বেংকত বৃহৎ ডকাইটি কাণ্ড সংঘটিত হৈছিল ৷ 2007 চনৰ 31 ডিচেম্বৰত ডকাইটি দলটোৰ পৰা 80 কিলোগ্ৰামতকৈও অধিক সোণ আৰু 25 লাখ নগদ ধন জব্দ কৰা হৈছিল ৷ ডকাইটি দলটো গ্ৰেপ্তাৰ হোৱাৰ পাচত জোচেফ নামৰ ডকাইতটোৱে এই অপৰাধ কৰাৰ ক্ষেত্ৰত এক্সন-থ্ৰীলাৰ ছবি ধুমৰ পৰা অনুপ্ৰেৰণা লাভ কৰে ৷

মুন্না ভাই এমবিবিএছ ছবিখনৰ পৰা সঞ্জয় দত্ত

ৰাজকুমাৰ হিৰানীৰ ব্লকবাষ্টাৰ ছবি মুন্না ভাই এমবিবিএছেও অপৰাধীসকলক অনুপ্ৰেৰিত কৰাৰ তথ্য পোৱা গৈছে ৷ 2017 চনত গুৰুগ্ৰামত দুজন লোকক অনুৰাগীৰ হৈ পৰীক্ষাত বহা সন্দৰ্ভত আটক কৰা হয় ৷ 2015 চনতো আৰক্ষীয়ে AIPMTৰ পৰীক্ষাত চিম কাৰ্ড আৰু ব্লুতুথৰ সৈতে ছাত্ৰক সহায় কৰা চাৰি লোকক আটক কৰে ৷

শ্বট আউট এট্ লোখণ্ডৱালাৰ এক পোষ্টাৰ
শ্বট আউট এট্ লোখণ্ডৱালাৰ এক পোষ্টাৰ

আহমেদাবাদত পৰিয়ালৰ পৰা 25 লাখ টকা জব্দ কৰাৰ লক্ষ্যৰে তিনি স্কুলীয়া কিশোৰী ছাত্ৰই এটি ছবছৰীয়া শিশুক অপহৰণ কৰি হত্যা কৰিছিল ৷ এই টকাৰে কিশোৰী তিনি গৰাকীয়ে এখন স্কৰ্পিঅ’ বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছিল ৷ কিশোৰী তিনি গৰাকীৰ দুগৰাকী শ্বট আউট এট্ লোখণ্ডৱালা ছবিখনৰ চৰিত্ৰসমূহৰ অনুসৰণ কৰিছিল আৰু আটাইতকৈ কম বয়সৰ এগৰাকীয়ে চিআইডি ধাৰাবাহিকখনৰ পৰা অনুপ্ৰেৰণা পাইছিল ৷

ৰাঞ্জানাৰ পৰা সোনম কাপুৰ আৰু ধনুষ
ৰাঞ্জানাৰ পৰা সোনম কাপুৰ আৰু ধনুষ

মীৰুটত 16 বছৰীয়া এজন ল’ৰাই প্ৰেমৰ প্ৰত্যাখ্যান পোৱাৰ পাচত এজনী ছোৱালীক হত্য়া কৰে ৷ অভিযুক্ত কিশোৰৰ স্বীকাৰোক্তি অনুসৰি, তেওঁ সোনম কাপুৰ আৰু ধনুষ অভিনীত ছবি ৰাঞ্জানাৰ পৰা অনুপ্ৰেৰণা পাইছিল ৷ তেওঁ আৰক্ষীক কয় যে, যদি তেওঁ ছোৱালীজনীক নাপায় তেন্তে কিশোৰ গৰাকীক আন কাকো নালাগে ৷

দৃশ্যম ছবিখনৰ পোষ্টাৰ
দৃশ্যম ছবিখনৰ পোষ্টাৰ

2015 চনত মুক্তিলাভ কৰা অজয় দেৱগন আৰু তাবুৰ অভিনীত দৃশ্যম ছবিখনেও বাস্তৱত অপৰাধীসকলক অনুপ্ৰেৰণা যোগাইছে ৷ 2016 চনত ভূপালত 25 বৰ্ষীয় অমিতাভ আদিবাসীক হত্যা কৰা হৈছিল ৷ হত্যাৰ তদন্তত অভিযুক্তই দৃশ্যম ছবিখন অনুসৰণ কৰিছিল ৷ ছবিখনত 32 বৰ্ষীয় এজন ব্যক্তিক হত্যা কৰিছিল ৷ আনহাতে সেই বৰ্ষতে তামিলনাডুৰ এজন ব্যক্তিয়ে তিৰুৱন্তপুৰমত নিজৰ পত্নীক হত্যা কৰি আৰক্ষীৰ সন্মুখত দৃশ্যম ছবিখন অনুসৰণ কৰাৰ কথা প্ৰকাশ কৰে ৷

লগতে পঢ়ক : সৌমিত্ৰ চেতাৰ্জী : বাংলা চিনেমাৰ এগৰাকী ‘আইকন’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.