ETV Bharat / sitara

চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যশস্বী অভিনেতা অমল পালেকৰক

author img

By

Published : Feb 10, 2022, 1:10 PM IST

Updated : Feb 10, 2022, 5:06 PM IST

বুধবাৰৰ নিশা স্বাস্থ্যৰ অৱনতি ঘটাত পুনেৰ দীননাথ হাস্পতালত ভৰ্তি কৰোৱা হয় যশস্বী অভিনেতা অমল পালেকৰক (Veteran actor Amol Palekar Hospitalized) ৷ তেওঁৰ পত্নীয়ে সদৰি কৰিছে এই খবৰ ৷ সবিশেষ জানো আহক ৷

Veteran actor Amol Palekar
চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে অভিনেতা অমোল পালেকৰক

চিটাৰা ডেস্ক, 10 ফ্ৰেব্ৰুৱাৰী: মাৰাথী আৰু হিন্দী ছবিজগতৰ এখন অতিকে চিনাকি মুখ অমল পালেকৰৰ বুধবাৰে স্বাস্থ্যৰ অৱনতি ঘটে (Amol Palekar health) ৷ ততাতৈয়াকৈ তেওঁক পুনেৰ দীননাথ হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় (Veteran actor Amol Palekar Hospitalized) ৷ তেওঁৰ পত্নী সন্ধ্যা গোখালেই এই কথা সদৰি কৰি বৰ্তমানে তেওঁৰ অৱস্থা সংকটমুক্ত বুলি জানিবলৈ দিছে ৷

অৱশ্যে, তেওঁৰ চিকিৎসা বৰ্তমানেও চলি আছে ৷ চৰিত্ৰ এটাক স্ক্ৰীণত অতি সূক্ষ্মভাৱে উপস্থাপন কৰাৰ বাবে জনাজাত অমল পালেকৰ ৷ তেওঁৰ নিৰ্দেশনাত ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা লাভ কৰা দুখন ছবি হ’ল 'ধ্যাস পৰ্বা' আৰু 'কুৱেষ্ট' ৷ পাঁচটাকৈ ৰাষ্ট্ৰীয় বঁটা আৰু এটা ফিল্মফেয়াৰ বঁটাৰে সন্মানিত হৈছিল অমোল পালেকৰ ৷

1986 চনত তেওঁ অভিনয়ৰ পৰা আঁতৰি আহি ছবি নিৰ্মাণত মনোনিৱেশ কৰিছিল ৷ তেওঁৰ নিৰ্দেশনাত মুক্তিপ্ৰাপ্ত প্ৰথমখন ছবি আছিল আক্ৰেইট ৷ বিভিন্ন ভাষাত অমল পালেকৰে বৰ্তমানলৈকে 25ৰো অধিক ছবি নিৰ্মাণ কৰিছে ৷

লগতে পঢ়ক: Real Life Hero Sonu Sood: সনু সুদৰ এটা ভাইৰেল ভিডিঅ’

Last Updated : Feb 10, 2022, 5:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.