ETV Bharat / sitara

ইৰফান খানৰ পুৰণি ভিডিঅ' শ্বেয়াৰ কৰিলে সুতাপা ছিকদাৰে

author img

By

Published : Jun 25, 2021, 8:48 PM IST

অংগ্ৰেজী মিডিয়াম(Angrezi Medium)ৰ দৃশ্যগ্ৰহণ চলি থকা সময়ৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে প্ৰয়াত অভিনেতা ইৰফান খানৰ পত্নী সুতাপা ছিকদাৰে । ভিডিঅ'টোত ইৰফানক খাদ্য গ্ৰহণ কৰি থকা দেখা গৈছে আৰু আন লোকসকলে তাচ খেলি থকা দেখা গৈছে । ইৰফানৰ স্বাস্থ্যৰ অৱস্থা তেতিয়া বিশেষ ভাল নাছিল ।

Sutapa Sikdar shared a throwback video of Irrfan Khan
ইৰফান খানৰ পুৰণি ভিডিঅ' শ্বেয়াৰ কৰিলে সুতাপা ছিকদাৰে

চিটাৰা ডেস্ক, ২৫ জুন : প্ৰয়াত স্বামী ইৰফান খানৰ সৈতে কটোৱা মূহুৰ্তৰ কথা সুঁৱৰি আবেগিক হৈ পৰিল পত্নী সুতাপা ছিকদাৰ । শেহতীয়াকৈ তেওঁ এটা পুৰণি ভিডিঅ' শ্বেয়াৰ কৰি উল্লেখ কৰিছে যে, অভিনেতা ইৰফান খানে তাচ খেলি ভাল পোৱা নাছিল । অৱশ্যে, তেওঁ আন লোকসকলক তেওঁৰ পত্নী সুতাপা ছিকদাৰৰ সৈতে গেমিং চেছনত অংশ ল'বলৈ কৈছিল ।

শুকুৰবাৰে, সুতাপাই অংগ্ৰেজী মিডিয়াম(Angrezi Medium) ছবিখনৰ দৃশ্যগ্ৰহণ চলি থকা সময়ৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে । ইৰফানক স্মৰণ কৰি সুতাপাই লগতে উল্লেখ কৰে যে এই নিৰ্দিষ্ট ক্লিপটো অংগ্ৰেজী মিডিয়াম(Angrezi Medium)ৰ দৃশ্যগ্ৰহণত ৰেকৰ্ড কৰা হৈছিল আৰু তেতিয়া ইৰফানৰ স্বাস্থ্যৰ অৱস্থা ভাল নাছিল । তিনি বছৰৰ পূৰ্বে লণ্ডনত অংগ্ৰেজী মিডিয়ামৰ দৃশ্যগ্ৰহণ চলি আছিল । পত্নী সুতাপাই প্ৰকাশ কৰা মতে তাচ খেলি বেয়া পালেও পত্নী অথবা আন লোকসকলক তাচ খেলা চাই থাকি ভাল পাইছিল ইৰফানে ।

স্বাস্থ্যৰ অৱস্থা বেয়া হোৱা স্বত্বেও আজৰি সময় পালেই কিতাপ পঢ়িছিল । ভিডিঅ'টোত দেখা গৈছে যে, 'উড়ে জব জব ঝুলফে তেৰী' শীৰ্ষক গীতটি শুনি আছে সকলোৱে আৰু সুতাপাই ইৰফানক গানটো বৰ মিঠা বুলি কৈছে । ইৰফানেও এটা মিঠা হাঁহিৰে তেওঁ কথাৰ প্ৰতি সঁহাৰি জনোৱা দেখা গৈছে ।

ইৰফানৰ এই ভিডিঅ'টো সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে আৰু অনুৰাগীক আবেগিক কৰি তুলিছে । এজন অনুৰাগীয়ে ইৰফানৰ হাঁহিটোৰ প্ৰশংসা কৰিছিল । আন কোনোৱে ইৰফানৰ সৰলতাৰ শলাগ লৈছিল । উল্লেখ্য যে, ২০২০ চনৰ ২৯ এপ্ৰিলত নিউৰোএণ্ডোক্ৰাইন কৰ্কট ৰোগত প্ৰাণ হেৰুৱাইছিল ইৰফান খানে ।

লগতে পঢ়ক:বুডাপেষ্টৰ পৰা প্ৰেমিকা-পুত্ৰৰ সৈতে অৰ্জুন ৰামপালৰ ফটো শ্বেয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.