চিটাৰা ডেস্ক,29 জুনঃ প্ৰতিভাৱান যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতৰ অকাল মৃত্যুৱে সমগ্ৰ দেশতে পেলালে শোকৰ ছাঁ ৷ এই অপমৃত্যুৱে জোঁকাৰি থৈ গ'ল আত্মীয় স্বজন তথা পৰিয়ালবৰ্গক ৷
শেহতীয়াকৈ ভগ্নী শ্বেতাই নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে ভাতৃলৈ লিখিলে এটা আৱেগিক প'ষ্ট ৷ ভগ্নীৰ এই প'ষ্টটোৱে পুনৰ আৱেগিক কৰি তুলিলে সুশান্তৰ অনুৰাগীসকলক ৷