ছিটাৰা ডেস্ক, 17 ছেপ্তেম্বৰ : বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিলে বলীউদ অভিনেত্ৰী ৰাকুল প্ৰীত সিঙে ৷ ৰিয়া চক্ৰৱৰ্তীৰ ড্ৰাগছৰ গোচৰৰ সৈতে ৰাকুলৰ নাম সাঙুৰ খাই পৰা বাবে কেন্দ্ৰৰ প্ৰতিক্ৰিয়া বিচাৰি ন্যায়ালয়ৰ কাষ চাপে অভিনেত্ৰীগৰাকী ৷
অভিনেত্ৰীগৰাকীৰ আবেদন সম্পৰ্কত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়, প্ৰচাৰ ভাৰতী আৰু প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ সহমত বিচাৰে ন্যায়াধীশ নবীন চাওলাই ৷ 15 অক্টোবৰৰ শুনানিৰ পূৰ্বে ৰাকুলৰ আবেদন সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে ৷
ৰাকুলৰ হৈ অধিবক্তা অমন হিংগোৰানীয়ে দাবী কৰে যে, ৰিয়াই ইতিমধ্যেই ৰাকুল সন্দৰ্ভত নিজৰ জবানবন্দী ওভতাই লৈছে যদিও সংবাদ মাধ্যমে এতিয়াও তেওঁক এই ঘটনাৰ সৈতে সাঙুৰি আছে ৷
সুশান্তৰ মৃত্যুৰ সৈতে ড্ৰাগছৰ দিশ পোহৰলৈ অহাৰ পাচতে ছাৰা আলি খান, ৰাকুল আৰু ডিজাইনাৰ ছিমন খামবাট্টাৰ নাম সাঙুৰ খাই পৰিছিল ৷ এই সম্পৰ্কত ইতিমধ্যেই নাৰ্কোটিকছ ব্যুৰোই তদন্ত আৰম্ভ কৰিছিল ৷
লগতে পঢ়ক : অসমৰ প্ৰাক্তন ডিজিপি অশোক চাহুৰ পৰলোকপ্ৰাপ্তি