চিটাৰা ডেস্ক, 13 আগষ্ট : শ্ৰীদেৱী(Sridevi) ৷ নামেই যাৰ পৰিচয় ৷ 80ৰ দশকত বলীউডত অভিনয় আৰু সৌন্দৰ্যৰে সকলোকে মোহিত কৰি তোলা ‘ৰূপ কী ৰাণী’ শ্ৰীদেৱীৰ আজি জন্মবাৰ্ষিকী ৷ 1963 চনৰ 13 আগষ্টত তামিলনাডুত জন্মগ্ৰহণ কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷
তেওঁ আজি আমাৰ মাজত নাই যদিও অভিনেত্ৰীগৰাকীৰ স্মৃতি আৰু ছবি জগতত থৈ যোৱা অৱদান সদায় চিৰস্মৰণীয় হৈ ৰ’ব ৷ এগৰাকী চাইল্ড আৰ্টিষ্ট হিচাপে 4 বছৰ বয়সৰ পৰাই অভিনয় জগতত ভৰি দিছিল শ্ৰীদেৱীয়ে ৷ চাইল্ড আৰ্টিষ্ট হিচাপে ‘থুনেৱান’ ছবিখনত প্ৰথম অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে ৷

হিন্দী ছবিজগতত ‘ফিমেল চুপাৰষ্টাৰ’ হিচাপে পৰিচিত আছিল শ্ৰীদেৱী ৷ প্ৰায় 300 খন ছবিত কাম কৰিছিল বলীউডৰ চান্দনীয়ে ৷ 1978 চনত মুক্তিলাভ কৰা বলীউড ছবি ‘চোল্হা চাৱন’ৰ জৰিয়তে বলীউডত ভুমুকি মাৰিছিল শ্ৰীদেৱীয়ে ৷ কিন্তু 1983 চনত মুক্তিলাভ কৰা ‘হিম্মতৱালা’ ছবিৰ জৰিয়তেহে বলীউডত প্ৰতিষ্ঠা লাভ কৰে অভিনেত্ৰীগৰাকীয়ে ৷

80ৰ দশকত যেতিয়া বলীউডত হিৰ’সকলৰহে অধিক ৰাজত্ব চলিছিল, সেই সময়তে শ্ৰীদেৱী একমাত্ৰ হিৰ’ইন আছিল, যিয়ে হিৰ’তকৈও অধিক বাজেটত কাম কৰিছিল ৷ ‘নাগীনা’ ছবিখনত সহ অভিনেতা ঋষি কাপুৰ(Rishi Kapoor)তকৈও অধিক মাননি লৈছিল শ্ৰীদেৱীয়ে ৷

1996 চনত ছবি নিৰ্মাতা বনী কাপুৰ(Boney Kapoor)ৰ সৈতে বিবাহপাশত আৱদ্ধ হয় চান্দনী ৷ ইয়াৰ পাচতে দুয়োৱে দুই কন্যা সন্তান জাহ্নৱী আৰু খুচীক জন্ম দিছিল ৷ বহু বিৰতিৰ অন্তত 2012 চনত ‘ইংলিছ ভিংলিছ’ ছবিখনেৰে পুনৰ বলীউডত পদাৰ্পন কৰিছিল শ্ৰীদেৱীয়ে ৷ অৱশ্যে তাৰ মাজতে ফেশ্বন জগতৰ সৈতে জড়িত হৈ আছিল অভিনেত্ৰীগৰাকী ৷

মৃত্যুৰ পূৰ্বে ‘মম’ ছবিখনেৰে শেষবাৰৰ বাবে দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হয় শ্ৰীদেৱীয়ে ৷ 2018 চনৰ 24 ফেব্ৰুৱাৰীত সকলোকে কন্দুৱাই ইহ সংসাৰৰ পৰা বিদায় লয় ৰূপ কী ৰাণীয়ে ৷ শ্ৰীদেৱীৰ জন্মদিনত তেওঁৰ অলেখ গুণমুগ্ধৰ লগতে পৰিয়াল আৰু বলীউডবাসীয়ে সুঁৱৰিছে অভিনেত্ৰীগৰাকীক ৷

তেওঁ উপস্থিতিৰ অভাৱ অনুভৱ কৰিছে কন্যা জাহ্নৱী-খুচীৰ লগতে পৰিয়ালবৰ্গই ৷ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰাও অভিনেত্ৰী শ্ৰীদেৱীলৈ থাকিল জন্মবাৰ্ষিকীৰ অলেখ শুভকামনা ৷
লগতে পঢ়ক : এইবাৰ বাদশ্বাহৰ কণ্ঠত 'বচপন কা প্যাৰ'