চিটাৰা ডেস্ক,19 নৱেম্বৰঃ শ্বাহিদ কাপুৰৰ আগন্তুক ছবি জাৰ্চিত মুখ্য চৰিত্ৰত অভিনয় কৰিব ম্ৰুণাল ঠাকুৰে ৷ চুপাৰ 30, বাটলা হাউচত সুন্দৰ প্ৰদৰ্শনৰ পিছত এইবাৰ জাৰ্চি শীৰ্ষক ছবিখনত শ্বাহিদ কাপুৰৰ বিপৰীতে অভিনয় কৰিব অভিনেত্ৰীগৰাকীয়ে ৷ টেলেগু হিট ছবি জাৰ্চিৰ হিন্দী ৰি -মেক হিচাপে একেনামতে নিৰ্মাণ কৰা হ'ব এই ছবিখন ৷ এই ছবিখন নিৰ্দেশনা কৰিব গৌতম টিন্নানুৰীয়ে ৷

শ্বাহিদ কাপুৰৰ সৈতে একেলগে অভিনয় কৰিবলৈ অত্যন্ত আগ্ৰহী হৈ পৰিছে অভিনেত্ৰীগৰাকী ৷ "মই জাৰ্চিত শ্বাহিদ কাপুৰৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ যথেষ্ট উৎসাহী ৷ যেতিয়া মই মূল ছবিখন দেখিলো তেতিয়া মই ছবিখনৰ ভাৱনাত্মক যাত্ৰাৰ মাজত সোমাই পৰিলোঁ ", বুলি ব্যক্ত কৰে অভিনেত্ৰীগৰাকীয়ে ৷ ইফালে শ্বাহিদ কাপুৰে ব্যক্ত কৰে যে, " ছবিখন চাই এনেকুৱা লাগিল যেন মই দুঘন্টাৰ ভিতৰত গোটেই জীৱনটো জীয়াই পেলালো ৷ মোৰ ওপৰত ছবিখনৰ ইমান গভীৰ প্ৰভাৱ পৰিল যে, গোটেই ৰাতি মই ছবিখনৰ কথায়ে ভাৱি থাকিলো আৰু পিছদিনা পুনৰ ছবিখন চালো ৷ হিন্দী দৰ্শকে ছবিখন চাই সেই একে প্ৰভাৱ অনুভৱ কৰা চাবলৈ অধীৰ আগ্ৰহী হৈ পৰিছো ৷ "উল্লেখ্য যে, শ্বাহিদ কাপুৰ আৰু ম্ৰুণাল ঠাকুৰ অভিনীত ছবি জাৰ্চি ছবিগৃহলৈ আহিব 2020 বৰ্ষৰ 28 আগষ্ট তাৰিখে ৷