চিটাৰা ডেস্ক, 11 মাৰ্চ : আল্লু অৰ্জুন আৰু ৰশ্মিকা মাণ্ডানা অভিনীত ‘পুষ্পা’ ৰ আইটেম নাম্বাৰটোত নৃত্য কৰি খলকনি তোলা সামান্থাই এতিয়া খাইছে বেয়াকৈ ট্ৰ’ল (Samantha got trolled) ৷ মুম্বাইত এৱাৰ্ড অনুষ্ঠানত ভাগ লৈ নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰিলে সামান্থাই ৷ তাৰ পিছতেই ট্ৰ’লৰ ওপৰি ট্ৰ’ল খাইছে অভিনেত্ৰী গৰাকীয়ে ৷

মুম্বাইত অনুষ্ঠিত হৈছিল ক্ৰিটিক চইচ এৱাৰ্ড ৷ তাতেই অংশ ল’বলৈ গৈছিল সামান্থা ৰুথ প্ৰভূ (Samantha Ruth Prabhu attend critics choice award) ৷ কিন্তু তেওঁ পৰিধান কৰি যোৱা সাজযোৰৰ বাবে এতিয়া সন্মুখীন হৈছে ভীষণ সমালোচনাৰ (Samantha red carpet dress trolled ) ৷

10 মাৰ্চত মুম্বাইত অনুষ্ঠিত হোৱা ক্ৰিটিক চইচ এৱাৰ্ডলৈ সামান্থাই পিন্ধি গৈছিল এযোৰ গাঢ় সেউজীয়া ৰঙৰ সাজ ৷ সেই সাজযোৰক লৈয়েই সমালোচনাৰ সন্মুখীন হৈছে সামান্থা ৷

ড্ৰেছটোৰ সৈতে একো গহণা পৰিধান নকৰাকৈ সামান্থাই প্ৰসাধন হিচাপে কেৱল ব্যৱহাৰ কৰিছে নুড মেকআপ ৷ ডিজাইনাৰ গৌৰী আৰু নয়নিকাৰ এই সাজযোৰত সামান্থাক সজাইছিল প্ৰীতম জুকালকেৰে ৷ সামান্থাৰ এই ৰেড কাৰ্পেট লুকটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত (Samantha red carpet look) ৷

অভিনেত্ৰী গৰাকী বৰ্তমানে তেওঁৰ আহিবলগীয়া ছবি শকুন্তলমক লৈ ব্যস্ত হৈ আছে ৷

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম সন্তান আদিল হুছেইন