ETV Bharat / sitara

"জাৱানী জানেমন" সন্দৰ্ভত কি ক'লে চেইফ আলি খানে ? - চেইফ আলি খান

চেইফ আলি খান অভিনীত ছবি জাৱানী জানেমন মুক্তিৰ পূৰ্বে অভিনেতাগৰাকীয়ে জনালে যে , এই ছবিখন মূলতঃ বাৰ্ধক্য গ্ৰহণ আৰু পিতৃত্বৰ ওপৰত নিৰ্মিত ৷

Saif Ali Khan talks About Jawani Janeman
চেইফ আলি খান
author img

By

Published : Jan 15, 2020, 4:26 PM IST

চিটাৰা ডেস্ক,15 জানুৱাৰীঃ আহি আছে বলীউডৰ নৱাবৰ নতুন ছবি জাৱানী জানেমন ৷ অভিনেতা চেইফ আলি খানে মঙলবাৰে নিজৰ আহিবলগীয়া ছবি জাৱানী জানেমনৰ বিষয়ে বহু কথাই জনালে দৰ্শকক ৷ পিতৃৰ দ্বায়িত্বভাৰ লৈ আহি আছে চেইফ আলি খান ৷ কাৰণ জাৱানী জানেমন ছবিখনত এজন পিতৃৰ চৰিত্ৰত অভিনয় কৰিছে চেইফ আলি খানে ৷ ছবিখনত এক অভিনৱৰূপত দেখিবলৈ পাব বলীউডৰ নৱাব গৰাকীক ৷

Saif Ali Khan talks About Jawani Janeman
চেইফ আলি খান

চেইফ আলি খানৰ মতে," ছবিখন এজন ব্যক্তিৰ বয়স, নিজৰ দ্বায়িত্ব আৰু জীৱন যাত্ৰাক গ্ৰহণ কৰিবলৈ শিকাৰ কাহিনীৰ ওপৰত আধাৰিত ৷ মোৰ অনুভৱ হয় পিতৃ আমাৰ জীৱনৰ যথেষ্ট গুৰুত্বপূৰ্ণ অংশ ৷ কিন্তু বহু পিতৃয়ে নিজৰ পিতৃত্বৰ দ্বায়িত্ব গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট খেলিমেলি কৰে ৷ বহুতে এনেকুৱা সন্তান জন্ম দিয়ে যাক বহুত যত্ন আৰু থেৰাপিৰ প্ৰয়োজন থাকে ৷ তেওঁলোকক এজন বন্ধুৰ দৰে বুজি সমস্যা সমাধান কৰাটো জৰুৰী ৷ কিন্তু বহু পিতৃয়ে এই দ্বায়িত্ব গ্ৰহণ কৰিব পৰাকৈ সমৰ্থ নহয় ৷"

অভিনেতাগৰাকীয়ে ছবিখনত সহ অভিনেত্ৰী তব্বুৰ যথেষ্ট প্ৰশংসা কৰে ৷ তব্বুয়েও ছবিখনত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে অভিনেতাগৰাকীয়ে ৷ নিতিন কক্কৰৰ দ্বাৰা নিৰ্দেশিত এই জাৱানী জানেমন ছবিখন মুক্তি পাব 2020 বৰ্ষৰ 31 জানুৱাৰীত ৷

লগতে পঢ়কঃদীপিকা পাডুকন আৰু জে.এন.ইউ বিবাদ সন্দৰ্ভত কি বিচাৰ আগবঢ়ালে মেঘনা গুলজাৰে ?

Intro:Body:

Saif Ali Khan talks About Jawani Janeman

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.