চিটাৰা ডেস্ক,8 নৱেম্বৰঃ ছবি নিৰ্মাতা তথা ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত নৃত্য প্ৰশিক্ষক ৰেম' ডিচ'জাৰ বিৰুদ্ধে 2016 চনতে স্থানীয় আদালতত ৰুজু হৈছিল এক প্ৰবঞ্চনাৰ গোচৰ ৷ এই গোচৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁ এই সকলোবোৰ মিছা বুলি ব্যক্ত কৰিছিল ৷ ছবি নিৰ্মাতাগৰাকীয়ে শেহতীয়াকৈ সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে যে , "মোৰ আৰু মোৰ অতিব্যক্তাৰ বিৰুদ্ধে এটা মিছা গোচৰ চলি আছে ৷ আইনৰ প্ৰক্ৰিয়াৰ ভিতৰুৱা হোৱা বাবে মোৰ উকীলে এই সন্দৰ্ভত সকলো নিয়ন্ত্ৰণ কৰি আছে ৷ মই বৰ্তমান এইটোৱেই ক'ব পাৰো যে এই গোচৰ সম্পূৰ্ণ মিছা ৷"
![Remo D'Souza claims cheating case against him is false](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5003900_t.jpg)
উল্লেখ্য যে, 2016 বৰ্ষৰ 23 ছেপ্টেম্বৰতে ৰুজু হৈছিল এই গোচৰটো ৷ সূত্ৰৰ দ্বাৰা জানিব পৰা মতে, সতেন্দ্ৰ ত্যাগী নামৰ এজন ব্যক্তিয়ে ৰেম' ডিচ'জাৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছিল ৷ গোচৰ অনুসৰি , ৰেম' ডিচ'জাই 2014 চনত ছবি নিৰ্মাণৰ বাবে ব্যক্তিজনৰ পৰা 5 কোটি টকা লৈছিল আৰু ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু এই প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ বাবে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন কৰিছিল ব্যক্তিগৰাকীয়ে ৷ অৱশ্যে এই পৰ্যন্ত কোন সত্য সেই কথা স্পষ্ট হোৱা নাই ৷