নিউজ ডেস্ক, 28 ডিচেম্বৰ : দ্বিতীয় খন বলীউড ছবিৰ বাবে চুক্তিবদ্ধ হ’ল দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰস্মিকা মাণ্ডান্না ৷ অচিৰেই শ্বুটিং আৰম্ভ হ'বলগীয়া ছবিখনত বলীউডৰ "বিগ বি" অভিতাভ বচ্চনৰ সৈতে অভিনয় কৰিব অভিনেত্ৰী গৰাকীয়ে ৷ 2021 চনত মুক্তি লাভ কৰিব ৰস্মিকা আৰু অমিতাভ বচ্চন অভিনীত ডেদলী (Deadly) নামৰ ছবিখনে ৷ জনপ্ৰিয় ছবি নিৰ্মাতা তথা পৰিচালক বিকাশ বাহালৰ পৰিচালনাত অচিৰেই আৰম্ভ হ'ব ছবিখনৰ শ্বুটিং ৷ উল্লেখ্য যে, ছবিখনৰ প্ৰযোজনাত আছে একতা কাপুৰ আৰু ৰিলায়েন্স এন্টাৰটেইনমেন্ট ৷ বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি মূলত পিতৃ-কণ্যাৰ সম্পৰ্কৰ আধাৰত নিৰ্মিত হ'ব ডেদলী (Deadly) নামৰ ছবিখন ৷
- " class="align-text-top noRightClick twitterSection" data="
">
- " class="align-text-top noRightClick twitterSection" data="
">
ডেদলীৰ ওপৰিও তেলেগু ছবি "পুস্পা" আৰু "আদালু মেকু জহাৰলু" ৰ বাবে চুক্তিবদ্ধ হৈছে ৰস্মিকা মাণ্ডান্না ৷ লগতে চুলতান আৰু পগাৰু নামৰ দুখন কানাড়া ছবিৰ বাবেও চুক্তিবদ্ধ হৈছে অভিনেত্ৰী গৰাকী ৷ উল্লেখ্য যে, জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ মালহোট্ৰাৰ সতে "মিছন মঞ্জু" নামৰ ছবিখনৰ জড়িয়তে বলীউড জগতত পদাৰ্পন কৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰস্মিকা মাণ্ডান্নাই ৷ অচিৰেই ছবিগৃহলৈ আহিব "মিছন মঞ্জু" ৷
লগতে পঢ়কঃ কংগনাৰ পৰিৱৰ্তিত ব্যক্তিত্ব সন্দৰ্ভত মুখ খুলিছে অনুৰাগ বাসুৱে