নিউজ ডেস্ক, ৩ মেঃ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অভিনেতা ৰাজকুমাৰ ৰাওক জিকিউ ভাৰত আলোচনীৰ মে' মাহৰ সংস্কৰণত ক'ভাৰ বয়ৰ ৰূপত দেখা পোৱা যাব। "ষ্ট্ৰি" ছবিৰ অভিনেতা গৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এখন ফটো শ্বেয়াৰ কৰাৰ লগতে কেপচন দি জনাই যে, এনে এখন মৰ্যাদা সম্পন্ন আলোচনীৰ ক'ভাৰত স্থান লাভ কৰি তেওঁ সুখী হৈছে লগতে জিকিউৰ ভাৰতীয় সংস্কৰণৰ মূখ্য সম্পাদক চি কুৰিয়ানক ধন্যবাদ জনায় অভিনেতা গৰাকীয়ে।
এটা সেউজীয়া ৰঙৰ টি-ছাৰ্টত জিকিউত আত্মপ্ৰকাশ কৰিবলগীয়া অভিনেতা গৰাকীয়ে প্ৰকাশ কৰে কভেলামোডীৰ আগন্তুক ছবি "মেণ্টেল হে ক্যা"ত কংগনা ৰাণাৱটৰ হৈতে অভিনয় কৰিব । এই ছবিখন ২০১৯ চনৰ ২১ জুনত ছবিগৃহলৈ আহিব। ইয়াৰ উপৰিও "ৰূহ আফজা" নামৰ আন এখন ছবিত জান্বী কাপুৰৰ হৈতে অভিনেতা গৰাকীক দেখা পোৱা যাব।