ETV Bharat / sitara

পাগ্লাইট ট্ৰেইলাৰ: কম বয়সীয়া বিধৱাৰ জীৱনৰ এক অদ্ভুত কাহিনী - পাগ্লাইট

‘লুডো’ৰ পাচতে পাগ্লাইট ছবিৰে পুনৰ দৰ্শকৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ সাজু হৈছে অভিনেত্ৰী চান্যা মালহোত্ৰা ৷ মুক্তি পোৱা ছবিখনৰ ট্ৰেইলাৰত চান্যাক এগৰাকী বিধৱাৰ ৰূপত দেখা গৈছে ৷ ছবিখনত বিবাহপাশত আৱদ্ধ হোৱাৰ পাঁচ মাহৰ পাচতেই বিধৱা হোৱা চান্যাই প্ৰেম আৰু সম্পৰ্ক সন্দৰ্ভত উত্তৰ বিচাৰি আছে ।

Pagglait trailer
পাগ্লাইট ট্ৰেইলাৰ
author img

By

Published : Mar 16, 2021, 5:06 PM IST

চিটাৰা ডেস্ক,16 মাৰ্চ: অভিনেত্ৰী চান্যা মালহোত্ৰাৰ আগন্তুক ছবি ‘পাগ্লাইট’ৰ ট্ৰেইলাৰে আবেগ আৰু হাস্যৰসৰ অস্বাভাৱিক মিশ্ৰণৰ সোৱাদ দিয়া পৰিলক্ষিত হৈছে ৷

ছবিখনৰ কাহিনীটো এখন সৰু চহৰৰ এগৰাকী যুৱতীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে, যিয়ে বিবাহৰ পাঁচ মাহৰ পাচতেই বিধৱা হয় ৷ তাৰ পাচতেই প্ৰেম আৰু সম্পৰ্ক সন্দৰ্ভত উত্তৰ বিচাৰি ফুৰে কম বয়সীয়া বিধৱা গৰাকীয়ে । পৰিচালক উমেশ বিষ্টৰ দ্বাৰা পৰিচালিত এই ছবিখন একতা কাপুৰৰ বালাজী টেলিফিল্মছ আৰু গুণীত মংগাৰ শিখ্য এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখনত চান্যাই কম বয়সীয়া বিধৱাৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে ৷ আগন্তুক 26 মাৰ্চত ডিজিটেল প্লেটফ’ৰ্মত মুক্তিলাভ কৰিব এই ছবিখন ৷

লগতে পঢ়ক: অ'স্কাৰ ২০২১ ত মনোনয়নৰ তালিকাত ভাৰতীয় ছবি দ্য হোৱাইট টাইগাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.