ETV Bharat / sitara

নেপোটিজম, বলীউড আৰু ৰাজনীতি

author img

By

Published : Aug 5, 2020, 1:20 PM IST

বলীউডত ঘটি থকা নেপোটিজম অৰ্থাৎ ৰাজনীতি সম্পৰ্কে এ. সূৰ্য প্ৰকাশৰ ভাষ্যৰে...

Nepotism, Bollywood and Politics
নেপোটিজম, বলীউড আৰু ৰাজনীতি

নিউজ ডেস্ক, 5 আগষ্ট: এক ৰহস্যজনকভাৱে হঠাতে ঘটা অভিনেতা সুশান্ত সিং ৰাজপুতৰ দুখজনক বিয়োগে বলীউডৰ ভিতৰচৰাত ঘটি থকা বিভিন্ন গৰ্হিত কৰ্ম-কাণ্ডবোৰৰ বিৰুদ্ধে, বিশেষকৈ ‘বহিৰাগত’সকলক আদৰণি জনোৱাৰ পৰিৱৰ্তে দেখুওৱা শত্ৰুতা, তেওঁলোকক কৰা নিৰোৎসাহ আৰু ছবি জগতৰ ভিতৰ চৰাত থকা ‘ইনচেষ্টাছ’ সম্পৰ্কবোৰৰ বিষয়ে প্ৰৱল বিবাদৰ সূচনা আৰম্ভ হৈছে ৷

মুম্বাই আৰক্ষীয়ে মৃত্যুৰ কাৰণ বিচাৰি অনুসন্ধান অব্যাহত ৰখাৰ সময়তে ছবি জগতত সুশান্তৰ আন এগৰাকী ‘বহিৰাগত’ সহকৰ্মী অভিনেত্ৰী কংগনা ৰানাৱটে মুম্বাইত বিদ্যমান আৰু ‘নেপোটিজম’ তথা বংশবাদক উৎসাহ যোগোৱা ‘মুভি মাফিয়া’ নামৰ এক গোটৰ কথা উল্লেখ কৰি আলোড়নৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে, কংগনায়ো ছবি জগতত নিজৰ স্থান দখল কৰিবলৈ যথেষ্ট সংঘৰ্ষ কৰিবলগীয়া হৈছিল ৷ অলপতে তেওঁ ব্যক্তিগত সংবাদ মাধ্যম দিয়া বিস্তৃত সাক্ষাৎকাৰটোৱে যথেষ্ট খলকনিৰ সৃষ্টি কৰিছে আৰু বংশবাদৰ বিষয়টোক পুনৰ চৰ্চালৈ লৈ আনিছে৷ সুশান্তৰ কৰুণ আত্মহত্যাৰ পৰিণতিৰ বাহিৰেও ‘বলীউড মাফিয়া’ৰ বিৰুদ্ধে থকা অভিযোগবোৰৰ ভিতৰত এটা অভিযোগ হৈছে, এই গোটে প্ৰতিভাশালী ‘বহিৰাগত’সকলক ব্যৱসায়টোৰ পৰা বাহিৰ কৰি দিয়ে ৷ কিন্তু ইয়াৰ বিপৰীতে তেওঁলোকে আকৌ মধ্যমীয়া প্ৰতিভাৰ ‘নেপ’-কিড’ (চলচ্চিত্ৰ জগতৰ তাৰকাসলকৰ সন্তান, আত্মীয়)ক সুযোগ দিয়ে ৷ ইয়াৰ অৰ্থ এইটো নহয় যে এই তাৰকাসকলৰ সন্তান প্ৰতিভাশালী নহয়৷ বৰঞ্চ তেওঁলোকৰ একাংশই অভিনয় জগতখনত অতি উৎকৃষ্টতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৷ কিন্তু ইয়াৰ কোনো দ্বি-মত নাই যে তেওঁলোক এক সুৰক্ষিত আবেষ্টনিৰ মাজত নিৰাপদ হৈ আছে ৷

অতি আকৰ্ষণীয় বিষয়টো হৈছে, মুম্বাইৰ চলচ্চিত্ৰ জগতত যিটো কথা ষোল্ল আনাই প্ৰযোজ্য সেই একেই কথা ‘লাটয়েঞ্জৰ দিল্লী’ নতুবা দেশৰ যিকোনো এখন ঠাইৰে ৰাজনৈতিৰ জগতৰ সৈতে প্ৰযোজ্য ৷ বংশবাদ ইমান সুক্ষ্ম আৰু সুচতুৰভাৱে সমাজত শিপাই আছে যে ই এতিয়া আমাৰ জীৱন নিৰ্বাহৰ কেন্দ্ৰ বিন্দুত প্ৰতিষ্ঠা লাভ কৰিছে ৷ যি নহওক, কথাটো উপলব্ধি কৰিবলৈ কিছু সময় লাগিল, কিন্তু কোনো নহয় কোনোৱে ‘গণতন্ত্ৰৰ ধৰ্ম’ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সৃষ্টি কৰা এই প্ৰৱণাটোক চিনাক্ত কৰিব লাগিব আৰু সমাজৰ পৰা দলিয়াই পেলাব লাগিব ৷ কিয়নো গণতন্ত্ৰত যাতে সকলোৱে সমানে ভাগ ল’ব পাৰে তাৰ বাবে দুৱাৰ মুকলি হৈ থাকিব লাগে ৷

আনকি কংগনা ৰানাৱটৰ অভিযোগৰ মূল অভিযুক্ত প্ৰযোজক-পৰিচালক কৰণ জোহৰেও চলচ্চিত্ৰৰ উদ্যোগটোত বংশবাদৰ আধিপত্যৰ কথা স্বীকাৰ কৰিছে ৷ তেওঁ ৰাজহুৱাকৈ এই কথা সদৰি কৰে যে, যেতিয়া একোজন প্ৰযোজকে এজন চলচ্চিত্ৰ তাৰকাৰ সন্তানক ‘লঞ্চ’ কৰে; আচলতে সেই প্ৰযোজকজন এক নিৰাপদ স্থিতিত থাকিব বিচাৰে ৷ কিয়নো ইয়াৰ লগত ব্যৱসায়ৰ কথা জড়িত হৈ থাকে ৷ “এজন ডাঙৰ চলচ্চিত্ৰ তাৰকাৰ সন্তানে এক বৃহৎ সংখ্যক জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম…আপুনি অসফল হোৱাৰ কোনো ধৰণৰ অৱকাশ ল’ব নিবিচাৰে… এইয়া টকাৰ বিষয়…৷” অন্য কথাত ক’বলৈ গ’লে তেওঁৰ কথাৰ সাৰমৰ্ম এইটোৱেই যে প্ৰযোজকসকল সেই (নেপোটিজম) ক্ষেত্ৰখনত ‘নিৰাপদ’ ৷

ৰাজনৈতিক ক্ষেত্ৰখনতো ই সঁচা নহয় জানো ? সংসদীয় নিৰ্বাচনত টিকট বিতৰণ কৰা ব্যৱেস্থাটোলৈ লক্ষ্য কৰক ৷ আপুনি উপলব্ধি কৰিব যে ‘সংযুক্ত হৈ থকা’টো কিমান গুৰুত্বপূৰ্ণ কথা আৰু স্বাধীনতাৰ পাচৰ যোৱা সাতটা দশকৰ সৰহখিনি সময় এনকৈয়ে পাৰ হৈ গ’ল ৷ প্ৰকৃতাৰ্থত ভাৰতবৰ্ষত বংশবাদে এনেদৰে শিপাই আছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত বহু দশক পূৰ্বে চৰকাৰী কাৰ্যালয়সমূহত থকা ব্যক্তিসকলৰ সন্তানসকলৰ বাবে এইটো এটা অঘোষিত বিশেষাধিকাৰত পৰিণত হৈ পৰিছে ৷ যিবোৰ সমষ্টিত তেওঁলোকৰ আজোককাক বা আজো আইতাকসকলে প্ৰতিনিধিত্ব কৰিছিল, সেই সমষ্টিবোৰ তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পায় আৰু ‘লাটয়েঞ্জৰ দিল্লী’ত তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষে অধিকাৰ সাব্যস্ত কৰি থৈ যোৱা সেই বিশেষ বাসগৃহত উত্তৰাধিকাৰী সূত্ৰে বাস কৰি আহিছে ৷ তেওঁলোক এই বাসগৃহবোৰৰ সৈতে ইমানেই একাত্ম হৈ পৰে যে কিছু বছৰৰ পাচত তেওঁলোকে আনকি এইটোও পাহৰি থাকে যে এই আৱাস্থলসমূহ প্ৰকৃততে ৰাজহুৱা সম্পত্তিহে ৷ যদি কোনো কাৰণত তেওঁলোকে এই বাসগৃহসমূহত বাস নকৰে, তথাপি সেই বংশৰ দ্বিতীয় বা তৃতীয় প্ৰজন্মৰ ৰাজনৈতিক নেতাবোৰে এইসমূহ নিবাসীক স্মৃতি সৌধ নাইবা সমাধি ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিবলৈও দাবী জনায় ৷

ৰাষ্ট্ৰীয় ৰাজনীতি আৰু লাটয়েঞ্জৰ দিল্লীত এই ধাৰাৰ প্ৰচলন কৰাৰ মূলতে হ’ল নেহৰু আৰু গান্ধী পৰিয়াল ৷ এই ধাৰাৰ আৰম্ভণি কৰিছিল আমাৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তেওঁৰ কাৰ্যকালৰ সময়চোৱাত 1959 চনত যেতিয়া তেওঁৰ জীয়ৰী ইন্দিৰা গান্ধীক ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ সভাপতি পদত নিযুক্তি দিছিল ৷ তাৰ পৰৱৰ্তী কালৰ ঘটনাক্ৰমৰ বিষয়ে ভাৰতৰ জনগণ ভালকৈয়ে অৱগত ৷ যেতিয়া এই পৰিয়ালৰ একোজন সদস্যই আনজনৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীৰ পদ উত্তৰাধিকাৰী সূত্ৰে পাবলৈ ধৰে, তেতিয়াৰ পৰাই এই পৰিয়ালটোৰ বাবে গণৰাজ্যৰ সংবিধানখন দুৰ্বল হৈ আহিবলৈ ধৰে আৰু এনে লগা হ’ল যেন ভাৰতবৰ্ষ প্ৰকৃততে এখন ৰাজতন্ত্ৰহে ৷ এই পৰিয়াল ক্ৰমান্বয়ে শিপাই যাবলৈ লোৱাৰ লগে লগে তেওঁলোকৰ বংশ-পৰিয়াল, বন্ধু-বান্ধৱসকলৰ আধিপত্য বাঢ়ি যাবলৈ ধৰিলে ৷ নেহৰুবাদী চিন্তাধাৰা প্ৰমুখ চিন্তাধাৰত পৰিণত হ’ল আৰু উচ্চাকাংক্ষী আমোলা, শিক্ষাবিদ, বুদ্ধিজীৱি, পেচাদাৰী সংবাদকৰ্মী অৰু ব্যৱসায়ীসকল ইয়াৰ অংশীদাৰ হৈ পৰিল ৷ এই লোকসকলে উপলব্ধি কৰিবলৈ ধৰিলে যে একমাত্ৰ এই ‘অভিযাত্ৰী দল’ৰ অংশ হৈ পৰিলেহে আমোলাতন্ত্ৰ, শিক্ষা, সংবাদ মাধ্যম তথা আন আন ক্ষেত্ৰবিলাকৰ জখলাবোৰত সফলতাৰে বগাব পৰা যাব ৷ ব্যতিক্ৰমী সন্মানীয় পদবোৰক বাদ দি সকলো গৱৰ্ণৰ, উপাচাৰ্য্য, বাতৰি কাকতৰ সম্পাদক, টিভি এংকৰ, পদ্ম বঁটা প্ৰাপ্তসকল আছিল এই সুঁতিটোৰ অংশস্বৰূপ ৷

অনৈক্যতা বা আন আন চিন্তাধাৰসমূহৰ প্ৰতি এইসকলৰ কোনো ধৰণৰ সন্মান নাছিল ৷ ৰাজনীতিত কংগ্ৰেছ দলৰ একাধিপত্য থকা দিনবোৰত যদি কোনোৱে লোকসভা নাইবা ৰাজ্যসভালৈ সফলতাৰে নিৰ্বাচিত হৈছিল তেনেহ’লে তেওঁলোক এই আদৰ্শগত ‘বিৰাদ্ৰী’ টোৰ অংশ নাইবা সহযাত্ৰী হৈ পৰিছিল ৷ যেতিয়া এই পৰিয়লাটোৱে নিজৰ সন্তানসকল আৰু আজো নাতিসকলক বংশবাদৰ অনুগামী তুলিলে তেতিয়াই এই পৰিয়ালৰ খেয়ালি চিন্তা-চৰ্চাবোৰ আইনত পৰিগণিত হৈ পৰিছিল আৰু পৰিয়ালটোৰ বিভেদপূৰ্ণ মনোবৃত্তি গৰিমামণ্ডিত তথা সাৰ্বজনীন হৈ পৰিছিল ৷

২০১৪ চনৰ জুলাইত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ নকৰা পৰ্যন্ত এই বিষয়সমূহ অবিসম্বাদী হৈ আছিল ৷ বংশবাদৰ এক কট্টৰ সমালোচক হিচাপে তেওঁৰ আবিৰ্ভাৱ হৈছিল আৰু ‘লাটয়েঞ্জৰ দিল্লী’ত সকলোৰে সমান অংশীদাৰীত্বৰ কাৰণে সুযোগ সৃষ্টি কৰিবলৈ তেওঁ কাম

কৰি গৈছে ৷ কংগনায়ো বলীউডত থিক একেই কাম কৰি আছে ৷ কংগনাই নিৰ্ভিকভাৱে সেইসকলৰ স্বৰূপ উদঙাই দিছে, যিসকলে নিৰ্লজ্জভাৱে বংশবাদক প্ৰাধান্য দি আহিছে ৷ আনকি এইসকলে, বলীউডত নিজৰ বাবে এটুকুৰা স্থান ল’বলৈ চেষ্টা কৰি থকা সাহসী প্ৰতিভাশালী বহিৰাগতসকলৰ ওপৰত ভয়ানক আক্ৰমণো সংঘটিত কৰি আহিছে ৷ উদাহৰণস্বৰূপে ক’ব পাৰি যে, দূৰদৰ্শনৰ বিভিন্ন অনুষ্ঠানবোৰ নাইবা যিকোনো ৰাজহুৱা অনুষ্ঠানবোৰ কথা, য’ত দৰ্শকক হহুৱাবলৈ নৱাগতসকলক বহুৱা সজোৱা হয় ৷ ঠিক যেনকৈ IIFA বঁটা বিতৰণ অনুষ্ঠানত শ্বাহৰুখ খান আৰু শ্বাহিদ কাপুৰে সুশান্ত সিং ৰাজপুত বহুৱা সজাইছিল৷ ইয়াৰোপৰি কংগনা ৰানাৱটে আন এক ভয়াৱহ পৰিস্থিতিৰ সম্পৰ্কে উল্লেখ কৰি কয় যে, সুশান্তক বলিউডৰ কোনো এক বিশিষ্ট পৰিচালকে কৈছিল যে, ‘‘তুমি উটি যোৱা নাই, বৰঞ্চ তুমি ডুবিহে গৈ আছা’’ ৷

সুশান্তে নিজৰ জীৱনৰ পাতনি মেলিছিল বিহাৰৰ পূৰ্ণিয়া জিলাৰ মালদিহাত৷ তেওঁ পদাৰ্থ বিজ্ঞানত ৰাষ্ট্ৰীয় অলিম্পিয়াদ অৰ্জন কৰিছিল ৷ এখন শীৰ্ষ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাত স্থানো দখল কৰিছিল ৷ অধ্যয়নৰ পৰা আৰম্ভ কৰি গণিতলৈকে, জ্যোতিৰ্বিজ্ঞানৰ পৰা নৃত্যকলালৈকে, সংগীত তথা চলচ্চিত্ৰ আদিত এক ব্যাপক পৰিসৰত সুশান্তৰ ৰুচি আছিল ৷ সুশান্তৰ বুদ্ধিমত্তা বলীউডৰ বাবে অধিক আছিল নে কি? কিয়নো বহু ‘তাৰকা’ই প্ৰকাশ্যে তেওঁলোকৰ শোচনীয় শৈক্ষিক ৰেকৰ্ডৰ কথা কৈ গৌৰৱ কৰিছে ৷ আনকি কৰণ জোহৰেও স্বীকাৰ কৰিছে যে তেওঁক যুৱকালত কোৱা হৈছিল যে যদি ‘‘যদি তুমি হিন্দী চিনেমা নিৰ্মাণ কৰিব বিচৰা তেনেহ’লে যোগ্যতা অৰ্জন নকৰিলেও হ’ব … আৰু মই যিটো ফ্ৰেটাৰ্ণিটিৰ পৰা আহিছোঁ সেই বিষয়ে ই বৰ বিশেষ নকয়’’ ৷

এই লেখক এজন চিনেমা ৰসিক নহয় ৷ কিন্তু তেওঁ সুশান্তৰ কেইখনমান চিনেমা দৰ্শন কৰিবলৈ সুবিধা পাইছিল ৷ যেনে চিচোৰেত সুশান্তই কৰা মুখ্য ভূমিকা আৰু বায়’পিক এম এছ ধোনীত কৰা অভিনয় ৷ ছবিদুখনৰ বাবে তেওঁ কৰা সুক্ষ্ম অভিনয়ে হৈছে চাবলগীয়া মূল বিষয়বস্তু ৷ বলিউডে এনে প্ৰচণ্ড প্ৰতিভাশালী যুৱকজনক আঁকোৱালি লোৱাৰ পৰিৱৰ্তে কেনেকৈ তেওঁক একাষৰীয়াকৈ ৰাখিব পাৰিলে ৷ যদি বলিউডত কোনো ‘মাফিয়া’ আছে বা ‘ক’জী ক্লাৱ অৱ নেপ’টিষ্টছ’ আছে, তেনেহ’লে ইয়াক চিনাক্ত কৰি উফৰাই পেলোৱাৰ সময় হৈছে ৷ কংগনা ৰানাৱটে উত্থাপন কৰা বিষয়সমূহে নেপোটিজমৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ যুক্তি-তৰ্কৰ পাতনি মেলিছে ৷

তদুপৰি, যদি সুশান্তৰ মৃত্যু অথলে নাযায়, তেনেহ’লে বলিউডক গণতন্ত্ৰকৰণ কৰা আৰু সকলোৰে বাবে এক সমমঞ্চ গঠন কৰাতো অতি জৰুৰী ৷ কিন্তু এইটো তেতিয়াহে সম্ভৱ হৈ উঠিব যেতিয়া সুশান্ত সিং ৰাজপুতক কৰা বিদ্বেষপূৰ্ণ ব্যৱহাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত চলি থকা জন আক্ৰোশে এক ৰাষ্ট্ৰীয় আন্দোলনৰ ৰূপ ল’ব আৰু প্ৰতিভাশালী ‘বহিৰাগত’সকলক তেওঁলোকৰ কৰ্মৰ বাবে উৎসাহিত কৰিব ৷ অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, ইয়াৰ ফলাফল বক্স অ’ফিচত প্ৰতিফলিত হ’ব লাগিব ৷

লগতে পঢ়ক: সুশান্তৰ আত্মহত্যা: উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব ৰিয়া চক্ৰৱৰ্তীৰ আবেদনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.