চিটাৰা ডেস্ক,22 ফেব্ৰুৱাৰীঃ বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী মিকা সিঙৰ ষ্টুডিঅ'ত কৰ্মৰত সৌম্যা নামৰ মেনেজাৰ গৰাকীৰ আত্মহত্যাৰ বাতৰিয়ে সম্প্ৰতি বি-টাউনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পুলিচে জনোৱা অনুসৰি, এই ঘটনা সংঘটিত হৈছিল 2 ফেব্ৰুৱাৰীত ৷
জানিব পৰা মতে, টোপনি ধৰা টেবলেট অধিক মাত্ৰাত সেৱন কৰাৰ ফলত মৃত্যু হয় 28 বছৰীয়া সৌম্যাৰ ৷ ইতিমধ্যে বৰ্সাৱা পুলিচে এই সন্দৰ্ভত নিজৰ তদন্ত অব্যাহত ৰাখিছে ৷ অৱশ্যে এতিয়ালৈকে জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ ৷
সংবাদদাতাই জনোৱা অনুসৰি,পঞ্জাৱস্থিত নিজা গৃহলৈ লৈ যোৱা হয় সৌম্যাৰ মৃতদেহ ৷ তাতেই অন্তিম সংস্কাৰ কৰা হয় সৌম্যাৰ ৷ মিকা সিং আৰু সৌম্যাৰ স্বামী দুয়োৱে সৌম্যাৰ মৃত্যুত শোক প্ৰকাশ কৰে চ'ছিয়েল মিডিয়াযোগে ৷
শেহতীয়াকৈ মিকা সিঙে সৌম্যাৰ এখন ফটো ইনষ্টাগ্ৰামযোগে প'ষ্ট কৰি দুখ প্ৰকাশ কৰে এইদৰে ঃ
- " class="align-text-top noRightClick twitterSection" data="
">