ETV Bharat / sitara

KGF trailer: দক্ষিণৰ অভিনেতা যশৰ বহু প্ৰতীক্ষিত ছবি 'কেজিএফ-২'ৰ ট্ৰেইলাৰ মুকলি হ’ব 27 মাৰ্চত

author img

By

Published : Mar 3, 2022, 10:36 PM IST

দক্ষিণ অভিনেতা যশৰ বহু প্ৰতীক্ষিত ছবি 'কেজিএফ-২'ৰ ট্ৰেইলাৰৰ তাৰিখ ঘোষণা কৰা হৈছে (KGF trailer release) । চলিত মাহৰ ২৭ তাৰিখে সন্ধিয়া ৬.৪০ বজাত মুক্তি দিয়া হ'ব প্ৰথমটো ট্ৰেইলাৰ ।

KGF trailer
'কেজিএফ-২'ৰ ট্ৰেইলাৰ মুকলি হ’ব 27 ফেব্ৰুৱাৰীত

চিটাৰা ডেস্ক, 3 মাৰ্চ: দক্ষিণৰ অভিনেতা যশৰ বহুল চৰ্চিত ছবি 'কেজিএফ- চেপ্টাৰ ২'ৰ ট্ৰেইলাৰৰ তাৰিখ ঘোষণা কৰা হৈছে (KGF trailer release)। চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ মাৰ্চত মাহৰ ২৭ তাৰিখে সন্ধিয়া ৬.৪০ বজাত মুক্তি দিয়া হ'ব( KGF trailer )। চলচ্চিত্ৰখনৰ পৰিচালক প্ৰশান্ত নীলে সামাজিক মাধ্যমৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰে ।

ছবিখনৰ মুক্তিৰ তাৰিখত কোনো পৰিৱৰ্তন হোৱা নাই । চলচ্চিত্ৰখন চলিত বৰ্ষৰ ১৪ এপ্ৰিলত তামিল, তেলেগু, কানাড়া, মালায়ালম আৰু হিন্দী ভাষাত মুক্তি পাব (kgf 2 release date) ।

বলীউডৰ অভিনেতা সঞ্জয় দত্ত আৰু ৰবীনা টণ্ডনক ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব (kgf 2 cast) । চলচ্চিত্ৰখনৰ প্ৰথম খণ্ডটো 2018 চনত মুক্তি দিয়া হৈছিল, যিভাৰতীয় চলচ্চিত্ৰ উদ্যোগত এক আলোড়নৰ সৃষ্টি কৰিছিল । তেতিয়াৰে পৰাই অনুৰাগীসকলৰ মাজত ছবিখনৰ দ্বিতীয় খণ্ড চোৱাৰ অস্থিৰতা যোৱা চাৰি বছৰ ধৰি অটুট আছে ।

চলচ্চিত্ৰখনৰ প্ৰথম খণ্ডটো ছবিখনৰ মুখ্য খলনায়ক গাৰুনাৰ ভয়ংকৰ মৃত্যুৰ সৈতে সমাপ্ত হৈছিল ৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো ডন গাৰুনাৰ মৃত্যুত হতবাক আৰু বিচলিত হৈ পৰিছিল ।

ছবিখনত প্ৰধানমন্ত্ৰীৰ ভূমিকাত থকা ৰবীনা টণ্ডনে সেনাক আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়ে । সেনাক এই আদেশ কাৰ বিৰুদ্ধে দিয়া হৈছে, ই এক ডাঙৰ ক্লাইমেক্স । এই কাহিনীটো লৈয়েই এতিয়া ছবিখনৰ দ্বিতীয় খণ্ড নিৰ্মাণ কৰা হৈছে ৷

লগতে পঢ়ক: Happy Birthday Sankar Mahadevan : সংগীত ক্ষেত্ৰক অন্য এক পৰ্যায়লৈ নিয়া শংকৰ মহাদেৱনৰ আজি জন্মদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.