চিটাৰা ডেস্ক,27 এপ্ৰিল: বলীউডৰ মোহময়ী অভিনেত্ৰী কেটৰীণা কাইফ আৰু দক্ষিণৰ জনপ্ৰিয় অভিনেতা বিজয় সেতুপতিক দেখিবলৈ পোৱা যাব পৰিচালক শ্ৰীৰাম ৰাঘৱনৰ আহিবলগীয়া এখন ছবিত ৷ নামবিহীন এই ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বেই দৃশ্যগ্ৰহণৰ কাম স্থগিত ৰখা হয় ৷
- " class="align-text-top noRightClick twitterSection" data="
">
পূৰ্বৰ প্ৰতিবেদন অনুসৰি, এই ছবিখনত কোনো বাণিজ্যিক বিৰতি নোহোৱাকৈ ছবিখন 90 মিনিট দৈৰ্ঘৰে নিৰ্মাণ কৰা হ’ব ৷ কিন্তু সম্প্ৰতি অনিৰ্দিষ্টকাললৈ ছবিখন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ছবি নিৰ্মাতাই ৷
বিজয়ৰ শেহতীয়া সাক্ষাৎকাৰযোগে তেওঁ কয় যে, ছবিখনৰ দৃশ্যগ্ৰহণ 15 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা কথা আছিল যদিও কেটৰীণা ক’ভিড-19ত আক্ৰান্ত হোৱা বাবে এই কাম স্থগিত ৰখা হয় ৷
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়ক : মহামাৰীৰ গ্ৰাসত হেৰাই যাব নেকি ভ্ৰাম্যমাণ থিয়েটাৰ ?