ETV Bharat / sitara

ইনষ্টাগ্ৰাম পোষ্টযোগে 'ধামাকা'ৰ 'অৰ্জুন পাঠক'ক চিনাকি কৰালে কাৰ্তিকে

author img

By

Published : Dec 21, 2020, 5:26 PM IST

ৰাম মাধৱানীয়ে নিৰ্দেশনা কৰা 'ধামাকা' ছবিত অৰ্জুন পাঠকৰ চৰিত্ৰ ৰূপায়ণ কৰিছে কাৰ্তিক আৰিয়নে । অৰ্জুন পাঠকৰ ৰূপ ইনষ্টাগ্ৰাম পোষ্টযোগে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিলে কাৰ্তিকে ।

ইনষ্টাগ্ৰাম পোষ্টযোগে 'ধামাকা'ৰ 'অৰ্জুন পাঠক'ক চিনাকি কৰালে কাৰ্তিকে
ইনষ্টাগ্ৰাম পোষ্টযোগে 'ধামাকা'ৰ 'অৰ্জুন পাঠক'ক চিনাকি কৰালে কাৰ্তিকে

চিটাৰা ডেস্ক, ২১ ডিচেম্বৰ: আগন্তুক ছবি 'ধামাকা'ৰ 'অৰ্জুন পাঠক'ক অনুৰাগীৰ সৈতে পৰিচয় কৰাই দিলে বলীউড অভিনেতা কাৰ্তিক আৰিয়নে । ছবিখনত তেওঁক কি ৰূপত দেখা পোৱা যাব সেই বিষয়ে অনুৰাগীক আভাস দিলে অভিনেতাগৰাকীয়ে । সোমবাৰে পুৱা কাৰ্তিকে ইনষ্টাগ্ৰাম পোষ্টযোগে নিজৰ প্ৰথম থ্ৰিলাৰ ছবিখনত তেওঁৰ ৰূপায়ণ কৰা চৰিত্ৰৰ নাম আৰু ৰূপ প্ৰকাশ কৰিব পৰাকৈ ফটো শ্বেয়াৰ কৰে ।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোখনত কাৰ্তিকক নীলা ৰঙৰ চ্যুট পৰিধান কৰা দেখা গৈছে । ফটোখনত গহীন মুখ, তেজৰ দাগ থকা ছাৰ্ট পৰিহিট কাৰ্তিকক দেখা পোৱা গৈছে । বাওঁফালে টি আৰ টি ভিৰ বেজো দেখা গৈছে । ছবিখনত কাৰ্তিকে এগৰাকী সাংবাদিকৰ চৰিত্ৰ ৰূপায়ণ কৰিছে, যিয়ে মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণৰ বাতৰি পৰিৱেশন কৰিছে । ছবিখনৰ বিষয়ে ঘোষণা কৰাৰ সময়ত কাৰ্তিকে কৈছিল যে, তেওঁৰ কাৰণে 'এইখন এখন চমৎকাৰী স্ক্ৰীপ্ট ।

অভিনেতা হিচাপে মোৰ প্ৰতিভাৰ আন এক দিশ ফুটাই তোলাত এই ছবিখনে সুযোগ প্ৰদান কৰিছে । মুম্বাইত 'ধামাকা' ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰে কাৰ্তিকে । ছবিখন নিৰ্মাণ কৰিছে ৰন্নী স্ক্ৰীওৱালাৰ আৰ এছ ভি পি আৰু ৰাম মাধৱানীয়ে ।

লগতে পঢ়ক:ফ্লিমফেয়াৰ এৱাৰ্ড সম্পূৰ্ণ হ’ল : সুস্মিতা সেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.