ETV Bharat / sitara

চেইফৰ সৈতে সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিণাৰ

author img

By

Published : Oct 16, 2020, 6:34 PM IST

বিবাহ বাৰ্ষিকীত কৰিণাই প্ৰকাশ কৰিলে চেইফৰ সৈতে তেওঁৰ সুখী বৈবাহিক জীৱনৰ ৰহস্য ৷ অভিনেতা চেইফ আলি খানৰ সৈতে 8 বছৰ পূৰ্বে বিবাহ বান্ধোনত বান্ধ খোৱা বলিউডৰ মোহময়ী অভিনেত্ৰী কৰিণা কাপুৰ খানে ইনষ্টাগ্ৰামৰ জড়িয়তে দুয়োৰে এখন ফটো প'ষ্ট কৰি তেওঁলোক দুয়োৰে সুখৰ আঁৰৰ ৰহস্য প্ৰকাশ কৰে ৷

চেইফৰ সৈতে সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিণাৰ
চেইফৰ সৈতে সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিণাৰ

নেশ্যনেল ডেস্ক, 16 অক্টোবৰ: তাৰকা স্বামী চেইফ আলি খানৰ সৈতে সুখী বৈবাহিক জীৱনৰ 8 টা বছৰ সম্পূৰ্ণ হোৱাত শুকুৰবাৰে বলিউডত বেব' খ্যাত কৰিণা কাপুৰে এক বিশেষ ইনষ্টাগ্ৰাম প'ষ্টৰ জড়িয়তে আনন্দ প্ৰকাশ কৰে ৷ সামাজিক মাধ্যমত এই দিনটো উদযাপন কৰি কৰিণাই তেওঁলোকৰ বৈবাহিক জীৱনৰ আঁৰৰ ৰহস্য সকলোৰে আগত প্ৰকাশ কৰি কয় যে তেওঁলোকৰ সুখী বিবাহৰ মূল চাবিকাঠি হ'ল স্পেগেটি আৰু ৱাইন ৷

অতি সোনকালেই দ্বিতীয়টো সন্তানৰ মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিবলগীয়া কৰিণাই স্বামী চেইফৰ সৈতে এখন মৰম ভৰা ফটো আপলোড কৰি নিজৰ আনন্দ প্ৰকাশ কৰে ৷ ফটো খনত 'জব উই মেট' ছবিখনৰ অভিনেত্ৰী গৰাকীৰ কাষত হাঁহিভৰা মুখৰ সৈতে চেইফক দেখা গৈছে ৷

ফটোখনৰ কেপচনত কৰিণাই লিখিছে, "এসময়ত বেব' নামৰ এজনী ছোৱালী আৰু চেইফু নামৰ এজন লৰা আছিল ৷ দুয়ো স্পেগেটি আৰু ৱাইন ভাল পাইছিল আৰু তাৰ পাছত তেওঁলোক দুয়ো সুখী হৈ ৰ'ল ৷" কৰিণাই লগতে লিখে "এতিয়া আপোনালোকে সুখী বিবাহৰ ৰহস্য গম পালে ৷ শুভ বিবাহ বাৰ্ষিকী এচএকেপি, অনন্তকাল আৰু তাৰো আগলৈ ৷"

2012 চনৰ 16 অক্টোবৰ এই দুই তাৰকা বিবাহ বান্ধোনত বান্ধ খাইছিল আৰু ইয়াৰ পাছতে 2016 ত তেওঁলোক টাইমুৰ আলি খানক লৈ পিতৃ আৰু মাতৃ হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল ৷ আগষ্ট মাহত দুয়ো ঘোষণা কৰিছিল যে তেওঁলোকৰ সংসাৰলৈ সোনকালেই দ্বিতীয়টো সন্তানৰ আগমণ ঘটিব ৷

লগতে পঢ়ক: SSR গোচৰৰ তদন্ত অব্যাহত আছে : চিবিআই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.