ETV Bharat / sitara

কণিকা কাপুৰলৈ পুনৰ আৰক্ষীৰ জাননী - বলীউডৰ গায়িকা

ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ২৬৯ আৰু ২৭০ৰ অধীনত লক্ষ্ণৌ আৰক্ষীয়ে বিবৃত্তি প্ৰদানৰ বাবে এক জাননী জাৰী কৰিছে বলীউডৰ গায়িকা কণিকা কাপুৰৰ বিৰুদ্ধে ।

Kanika Kapoor gets police notice to record statement
Kanika Kapoor gets police notice to record statementKanika Kapoor gets police notice to record statement
author img

By

Published : Apr 27, 2020, 5:24 PM IST

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ পুনৰ চৰ্চালৈ আহিছে বলিউডৰ গায়িকা কণিকা কাপুৰ । কণিকা কাপুৰে শেহতীয়াকৈ বিগত মাহত কৰ'ণা পৰীক্ষা পজিটিভ অহাক লৈ সৃষ্টি হোৱা বিবাদৰ বিষয়ে স্পষ্টিকৰণ দিয়াৰ এদিনৰ পাচতেই লক্ষ্ণৌ আৰক্ষীৰ জাননী গায়িকাগৰাকীলৈ। আৰক্ষী থানাত বিবৃত্তি প্ৰদান কৰিবলৈ গায়িকাগৰাকীক জাননী জাৰী কৰিছে আৰক্ষীয়ে ।

গায়িকাগৰাকীৰ ওপৰত ভাৰতীয় দণ্ড বিধি আইনৰ ধাৰা ২৬৯ (জীৱনৰ প্ৰতি বিপদজনক বীজাণু সংক্ৰমণৰ ক্ষেত্ৰত অৱহেলিত কাৰ্য) আৰু ধাৰা ২৭০ (জীৱনৰ প্ৰতি বিপদজনক বীজাণু সংক্ৰমণৰ ক্ষেত্ৰত নিন্দনীয় কাৰ্য)ৰ অধীনত জাননী জাৰী কৰা হৈছে ।

এচিপি দীপক কুমাৰ সিঙে কয়,কণিকা কাপুৰে আৰক্ষী থানাত আহি তেওঁৰ বিবৃত্তি প্ৰদান কৰাৰ পাচতে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ'ব । দেওবাৰে ইষ্টাগ্ৰামত কণিকা কাপুৰে স্বাস্থ্য় কৰ্মচাৰী সকলক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে কিছুমান কথা ভুলকৈ উপস্থাপন কৰা হৈছিল বুলিও উল্লেখ কৰিছিল।

কণিকা কাপুৰৰ মতে,গ্ৰেট ব্ৰিটেইনৰ পৰা মুম্বাইত ১০ মাৰ্চত অৱতৰণ কৰিছিল তেওঁ। আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত তেওঁক স্কেন কৰা হৈছিল। তেতিয়ালৈকে নিজকে কোৱাৰেণ্টাইন কৰিব লাগে বুলি কোনো নিৰ্দেশ জাৰী কৰা হোৱা নাছিল বুলি উল্লেখ কৰে। ১১ মাৰ্চত লক্ষ্ণৌত পৰিয়ালৰ সৈতে মিলিত হৈছিল গায়িকাগৰাকী । ডমেষ্টিক বিমান বন্দৰত কোনো ধৰণৰ স্কেনিঙৰ ব্যৱস্থা নাছিল বুলি কয়। ১৪ আৰু ১৫ মাৰ্চত দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ বাবে বন্ধু সকলৰ সৈতে গৈছিল কণিকা। গ্ৰেট ব্ৰিটেইন,মুম্বাই, লক্ষ্ণৌত লগ পোৱা সকলো লোক সুস্থ আৰু তেওঁলোকৰ ফলাফলো নিগেটিভ আহিছে বুলি কয় কণিকা কাপুৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.