ETV Bharat / sitara

'মণিকৰ্ণিকা ৰিটাৰ্ণছঃ দ্য লিজেণ্ড অৱ ডিড্ডা'ত অভিনয় কৰিব কংগনাই - kangna ranaut's new movie

বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটে অভিনয় কৰিব 'মণিকৰ্ণিকা ৰিটাৰ্ণছঃ দ্য লিজেণ্ড অৱ ডিড্ডা'ত । ডিড্ডা কাশ্মীৰৰ ৰাণী আছিল আৰু তেওঁ মেহমুদ গজনৱীক যুদ্ধক্ষেত্ৰত দুবাৰকৈ পৰাস্ত কৰিছিল ।

কংগনা ৰাণাৱটে অভিনয় কৰিব 'মণিকৰ্ণিকা ৰিটাৰ্ণছঃ দ্য লিজেণ্ড অৱ ডিড্ডা'ত

author img

By

Published : Jan 14, 2021, 6:15 PM IST

চিটাৰা ডেস্ক, ১৪ জানুৱাৰী: 'মণিকৰ্ণিকা ৰিটাৰ্ণছঃ দ্য লিজেণ্ড অৱ ডিড্ডা'ৰ জৰিয়তে পুনৰ দৰ্শকৰ মৰম বুটলিবলৈ সাজু হৈছে অভিনেত্ৰী কংগনা ৰাণাৱট । এক বিশেষ সূত্ৰৰ মতে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিব পৰাকৈ ছবিখন নিৰ্মাণ কৰা হ'ব । বীৰাংগণাৰ জীৱন কাহিনীৰ আধাৰত ছবি নিৰ্মাণ কৰিবলৈ পৰিকল্পনা কৰিছে ছবি নিৰ্মাতাই । ভাৰতৰ প্ৰকৃত পৰিচয় গঢ়ি তোলাত অৰিহণা যোগোৱা বীৰাংগণাসকলক এতিয়া দেশবাসীয়ে পাহৰিবলৈ ধৰিছে ।

সেয়ে, ছবিৰ জৰিয়তে তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়ে দেশবাসীক অৱগত কৰাৰ প্ৰয়াস কৰিছে ছবি নিৰ্মাতাই । ২০১৯ চনত 'মণিকৰ্ণিকাঃ দ্য কুইন অৱ ঝান্সি'ৰ মুক্তিৰ পিছত পুনৰ পৰিচালক কমল জৈন আৰু কংগনা ৰাণাৱটে একেলগে কাম কৰাৰ পৰিকল্পনা কৰিছে । যোৱা সপ্তাহত কংগনাই কমল জৈনৰ সৈতে আলোচনাতো মিলিত হয় আৰু নতুন ছবিখনৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত লয় । উল্লেখ্য যে, ডিড্ডা কাশ্মীৰৰ ৰাণী আছিল আৰু তেওঁ মেহমুদ গজনৱীক যুদ্ধক্ষেত্ৰত দুবাৰকৈ পৰাস্ত কৰিছিল । পলিঅ' ৰোগত আক্ৰান্ত ডিড্ডাৰ এখন ভৰি এক প্ৰকাৰ কাম কৰাৰ যোগ্য হৈ থকা নাছিল ।

তথাপিও তেওঁ নিজকে এগৰাকী দক্ষ যোদ্ধা হিচাপে নিজকে গঢ় দিয়াত সক্ষম হৈছিল । কংগনাই ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা 'মণিকৰ্ণিকা ৰিটাৰ্ণছঃ দ্য লিজেণ্ড অৱ ডিড্ডা'ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে ।

লগতে পঢ়ক:সুশান্তৰ জন্মদিন উদযাপন কৰিবলৈ অনুৰাগীক আহ্বান ভগ্নী শ্বেতা সিং কিৰ্তীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.