ETV Bharat / sitara

ভাৰতৰ তিনি প্ৰতিষ্ঠিত ছবি পৰিচালকৰ সৈতে একেলগে কাম কৰিব ৰীমা দাসে

author img

By

Published : Jul 6, 2020, 1:11 PM IST

ছবি নিৰ্মাতা কবীৰ খান,ইমতিয়াজ আলী,অনিৰ আৰু ৰীমা দাসে নিৰ্মাণ কৰিব মাই মেলবৰ্ণ নামৰ এখন বিশেষ ছবি ৷ এই ছবিখন আগন্তুক বৰ্ষত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলবৰ্ণত প্ৰদৰ্শিত হ'ব ৷ ভিক্টোৰিয়ান ছবি নিৰ্মাণ দলৰ লগত কাম কৰিব এইকেইগৰাকী ভাৰতীয় ছবি নিৰ্মাতাই ৷

kabir khan imtiaz ali Rima das onir join hands for a film
ভাৰতৰ তিনি প্ৰতিষ্ঠিত ছবি পৰিচালকৰ সৈতে একেলগে কাম কৰিব ৰীমা দাসে

চিটাৰা ডেস্ক,6 জুলাইঃ মাই মেলবৰ্ণ নামৰ এখন বিশেষ ছবিৰ বাবে সংযুক্ত হৈছে ভাৰতৰ প্ৰসিদ্ধ ছবি নিৰ্মাতা কবীৰ খান, ইমতিয়াজ আলী, ৰীমা দাস আৰু অনিৰ ৷

ভিক্টোৰিয়ান ছবি নিৰ্মাণ দলৰ সৈতে একেলগে কাম কৰিব তেওঁলোকে ৷ শাৰীৰিক অক্ষমতা,জাতি,কামুকতা আৰু লিংগৰ দৰে বিষয়ৰ ওপৰত লঘু ছবিৰ শ্বুটিং কৰিব ভাৰতৰ এই চাৰিগৰাকী ছবি পৰিচালকে ৷ পিছত এই লঘু ছবি সমূহ লগ লগাই মাই মেলবৰ্ণ নামেৰে এখন ছবিৰ সংকলন প্ৰস্তুত কৰিব,যি খন অহা বছৰত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলবৰ্ণত প্ৰদৰ্শন কৰা হ'ব ৷

ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলবৰ্ণৰ পৰিচালক মিতু ভৌমিক লেংগে ক'লে যে, "এয়া ৰোমাঞ্চকৰ আৰম্ভণি ৷ মই সুখী আৰু ৰোমাঞ্চিত যে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলবৰ্ণে ভাৰতৰ স্বতন্ত্ৰ চিনেমাৰ চাৰিজন পৃথক মানুহক নিজৰ ৱৰ্কশ্বপত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সফল হৈছে ৷ "

কবীৰ,ইমতিয়াজ,ৰীমা আৰু অনিৰ চাৰিওজন স্বতন্ত্ৰ ছবি পৰিচালকে বচা বচা কাহিনীসমূহ নিজৰ কাৰ্যস্থলীত বিকাশ কৰাৰ প্ৰয়াস কৰিব আৰু জুমৰ মাধ্যমেৰে টিমকেইটাৰ প্ৰি-প্ৰডাকচনৰ কামসমূহ নিৰীক্ষণ কৰিব ৷ ইয়াৰ পিছত যাত্ৰাৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা দূৰ হোৱাৰ পিছত চাৰিওগৰাকী ছবি নিৰ্মাতাই ছবি শ্বুটিঙৰ বাবে মেলবৰ্ণলৈ উৰা মাৰিব ৷

লগতে পঢ়কঃ মহামাৰীৰ সংকটৰ সময়তে জীৱনৰ দুটা গুৰুত্বপূৰ্ণ দিশত শিক্ষা লাভ বাণী কাপুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.