ETV Bharat / sitara

Janhvi Kapoor birthday: এয়াৰপ’ৰ্টত প্ৰি বাৰ্থডে উদযাপন কৰিলে জাহ্নৱীয়ে

author img

By

Published : Mar 5, 2022, 8:53 PM IST

জন্মদিনৰ পূৰ্বে এয়াৰপ’ৰ্টত জাহ্নৱীয়ে পাপাৰাজীৰ ফালৰ পৰা লাভ কৰিলে এটা মৰমলগা ছাৰপ্ৰাইজ ৷ মুম্বাই এয়াৰপ’ৰ্টত পাপাৰাজীয়ে জাহ্নৱীক উপহাৰ দিলে এটা বাৰ্থডে কেকে (Janhvi Kapoor celebrates birthday with paps) ৷ তেওঁলোকৰ সৈতে এয়াৰপ’ৰ্টতে অভিনেত্ৰী গৰাকীয়ে আগতীয়াকৈ উদযাপন কৰিলে জন্মদিন ৷

Janhvi Kapoor
এয়াৰপ’ৰ্টত প্ৰি বাৰ্থডে উদযাপন কৰিলে জাহ্নৱীয়ে

চিটাৰা ডেস্ক, 5 মাৰ্চ : বলীউডৰ মোহময়ী অভিনেত্ৰী শ্ৰী দেৱীৰ ডাঙৰ জীয়াৰী জাহ্নৱী কাপুৰে 6 মাৰ্চ দেওবাৰে উদযাপন কৰিব নিজৰ 25 বছৰীয়া জন্মদিন ( Janhvi Kapoor birthday) ৷ অভিনেত্ৰী গৰাকীৰ বাৰ্থডে চেলিব্ৰেছন ইতিমধ্যেই আৰম্ভ হৈ গৈছে ৷

শুকুৰবাৰে মুম্বাই এয়াৰপ’ৰ্টত উদযাপন হ’ল জাহ্নৱীৰ প্ৰি বাৰ্থডে ৷ পাপাৰাজীয়ে এয়াৰপ’টৰেতে এটা কেকৰ সৈতে ছাৰপ্ৰাইজ দিলে অভিনেত্ৰী গৰাকীক (Janhvi Kapoor celebrates birthday with paps) ৷ শুকুৰবাৰে নিশা পাপাৰাজীৰ সৈতে কেক কাটিলে জাহ্নৱীয়ে ( janhvi kapoor cuts birthday cake with media) ৷

এয়াৰপ’ৰ্টত এজন ফটোগ্ৰাফাৰে জন্মদিনৰ কেকটো কাটিবলৈ অনুৰোধ কৰোঁতে তেওঁক হাঁহিৰে মিঠা সম্ভাষণ জনালে অভিনেত্ৰীগৰাকীয়ে । কটা কেকৰ টুকুৰা এটা ফটোগ্ৰাফাৰজনলৈ বুলি আগবঢ়াইয়ো দিলে জাহ্নৱীয়ে । কেইবছৰমান আগতেও তেওঁৰ সৈতে কেক কটাৰ কথা মনত আছেনে নাই বুলি ফটোগ্ৰাফাৰজনে সোধা প্ৰশ্নত জাহ্নৱীয়ে উত্তৰ দিছিল, "মই কথা নাপাঁহৰো " ৷

মালায়ালম থ্ৰিলাৰ হেলেন ছবিৰ হিন্দী ৰিমেকত দেখিবলৈ পোৱা যাব জাহ্নৱীক ৷ বৰ্তমান জাহ্নৱী আনন্দ এল ৰায়ৰ ছবি 'গুড লাক জেৰী'ৰ মুক্তিৰ অপেক্ষাত আছে ৷ ৰাজকুমাৰ ৰাওৰ সৈতেও মিষ্টাৰ এণ্ড মিছেছ মাহি শীৰ্ষক এখন বোলছবিত জাহ্নৱীক দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়ক: ৰাধে শ্যামৰ প্ৰমোচনত নায়িকা পূজাৰ হেগড়েই লগাইছে খলকনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.