ETV Bharat / sitara

ইনষ্টাগ্ৰামত জেকলিনৰ অনুৰাগীৰ সংখ্যা ৪৬ মিলিয়নলৈ বৃদ্ধি

author img

By

Published : Oct 24, 2020, 1:15 PM IST

মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা ৪৬ মিলিয়নলৈ বৃদ্ধি ৷ ইনষ্টাগ্ৰাম পোষ্টযোগে টপলেছ ফটো শ্বেয়াৰ কৰাৰ লগতে অনুৰাগীক ধন্যবাদ জ্ঞাপন কৰিলে জেকলিনে ৷

টপলেছ ফটো শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামৰ অনুৰাগী বৃদ্ধিৰ আনন্দ প্ৰকাশ জেকলিনৰ

চিটাৰা ডেস্ক, ২৪ অক্টোবৰ: বলীউডৰ স্মাইল কুইন হিচাপে খ্যাত জেকলিন ফাৰ্ণাণ্ডেজে শুক্ৰবাৰে নিজৰ ৩ খন আটকধুনীয়া ফটো শ্বেয়াৰ কৰি অনুৰাগীসকলক ধন্যবাদ জনায়। শেহতীয়াকৈ ইনষ্টাগ্ৰামত জেকলিনৰ অনুৰাগীৰ সংখ্যা ৪৬ মিলিয়নলৈ বৃদ্ধি পাইছে। ইয়াৰ পিছতে উৎফুল্লিত হৈ পৰিছে অভিনেত্ৰীগৰাকী। ইনষ্টাগ্ৰামত ৩ খন টপলেছ ফটো শ্বেয়াৰ কৰিছে জেকলিনে। ফটোকেইখনত জেকলিনৰ দেহৰ ওপৰ অংশত গুলপীয়া আৰু হালধীয়া গোলাপৰ থোপা লৈ থকা দেখা গৈছে আৰু বগা ৰঙৰ এটা ট্ৰাউজাৰ পৰিধান কৰা দেখা গৈছে।

শান্ত পৰিৱেশ পৰিস্ফুট কৰিবলৈ বগা বেকগ্ৰাউণ্ডত ফটোকেইখন তোলা হৈছে। ফটোখনৰ কেপচনত লাভ ইউ আৰু থেংক ইউ লিখিছে স্মাইল কুইনে। কৰ'ণাৰ মহামাৰীৰ লকডাউনৰ বাবে ৭ মাহ ধৰি ঘৰতে থকাৰ পিছত যোৱা সপ্তাহৰ পৰা পুনৰ কাম আৰম্ভ কৰিছে জেকলিনে। 'কিক' ছবিৰ সফলতাৰ পিছত এইবাৰ পুনৰ 'কিক ২'ত অভিনয় কৰিব অভিনেত্ৰীগৰাকীয়ে। আনহাতে, ছৈইফ আলী খান আৰু অৰ্জুন কাপুৰ অভিনীত 'ভূত পুলিচ'তো জেকলিনক দেখা যাব।

লগতে পঢ়ক:অৰ্জুনৰ শুভেচ্ছা বাৰ্তাত মালাইকাৰ মৰমৰ ৰিয়েক্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.