ETV Bharat / sitara

'ফাইটাৰ্ছ'ক লৈ ঋত্বিক ৰোশনৰ বিশেষ পোষ্ট - দীপিকা পাডুকনৰ নতুন ছবি

ঋত্বিক ৰোশনে (Hrittik Roshan) শ্বেয়াৰ কৰিলে ফাইটাৰ্ছ (Fighters) ছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দ (Sidharth anand) আৰু তেওঁৰ পত্নী মমতা ভাটিয়াৰ উপৰিও সহ অভিনেত্ৰী দিপীকা পাডুকন (Deepika Padukone)ৰ সৈতে তোলা কেইবাখনো ফটো । ভাৰতৰ প্ৰথমখন এৰিয়েল একছন ছবি য'ত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে আৰু পৃথিৱীৰ বিভিন্ন স্থানত শ্বুটিং কৰা এই ছবি খনে দেশজুৰি বিশেষ চৰ্চা লাভ কৰিছে ।

Fighters
ফাইটাৰকলৈ ঋত্বিক ৰোশনৰ বিশেষ পোষ্ট
author img

By

Published : Jul 10, 2021, 1:08 PM IST

চিটাৰা ডেস্ক, ১০ জুলাই : দীৰ্ঘদিনৰ বিৰতিৰ পিছত পুনৰ এখন নতুন ছবিৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ আহি আছে বলীউডৰ ফিট আৰু হেণ্ডচাম অভিনেতা ঋত্বিক ৰোশন (Hrithik Roshan) । ইতিমধ্যে তেওঁৰ আহিবলগীয়া নতুন ছবি ‘ফাইটাৰ্ছ’ (Fighters)ক লৈ বিভিন্ন মহলত চৰ্চা অব্যাহত আছে । তেওঁ অনুৰাগীসকলো গভীৰ আগ্ৰহেৰে এই এক্সন ধৰ্মী ছবিখনৰ অপেক্ষাত আছে ।

ইয়াৰ মাজতে অভিনেতাগৰাকীয়ে শ্বেয়াৰ কৰিলে এখন বিশেষ ফটো । এই ফটোখনত ছবিখনৰ সহ অভিনেত্ৰী দীপিকা পাডুকন (Deepika Padukone) আৰু পৰিচালক সিদ্ধাৰ্থ আনন্দকো (Siddharth Anand) দেখা গৈছে । উল্লেখ্য যে, ভাৰতৰ প্ৰথমখন এৰিয়েল এক্সন (Aerial Action) ছবি য'ত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে ৷ পৃথিৱীৰ বিভিন্ন স্থানত শ্বুটিং কৰা এই ছবি খনে দেশজুৰি বিশেষ চৰ্চা লাভ কৰিছে ।

Fighters
ফাইটাৰকলৈ ঋত্বিক ৰোশনৰ বিশেষ পোষ্ট

শুকুৰবাৰে নিশা ইনষ্টাগ্ৰামত (Instagram) কেইবাখনো ফটো শ্বেয়াৰ কৰে অভিনেতাগৰাকীয়ে । ছবি খনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দ আৰু তেওঁৰ পত্নী মমতা ভাটিয়াৰ (Mamta Bhatia) উপৰিও সহ অভিনেত্ৰী দিপীকা পাডুকনৰ সৈতে তোলা এই ফটোত কেপচন হিচাপে ঋত্বিক ৰোশনে ফাইটাৰ গেং (Fighter gang) বুলি উল্লেখ কৰিছে ।

ইনষ্টাগ্ৰামত ৩৬ মিলিয়নতকৈও বেছি ফল'ৱাৰছ (Followers) থকা অভিনেতাগৰাকীয়ে কয় যে, ‘ফাইটাৰ্ছ’ৰ দলটো উৰণৰ বাবে সাজু হৈছে । "হাই-অকটেন চিনেমেটিক স্পেকটেকল" (high-octane cinematic spectacle) হিচাপে বৰ্ণনা কৰা এই চলচ্চিত্ৰখন সিদ্ধাৰ্থ আনন্দে পৰিচালনা কৰিব যিয়ে পূৰ্বে ঋত্বিক ৰোশনৰ সৈতে 'বেং বেং' (Bang Bang) আৰু ৱাৰ (War)ৰ দৰে হিট ছবি দৰ্শকক উপহাৰ দিছিল । ভায়াকম ১৮ ষ্টুডিঅ'ই (Viacom18 Studio) আনন্দ আৰু তেওঁৰ পত্নী মমতা, ৰেমন চিব্ব (Ramon Chibb) আৰু আনকু পাণ্ডেৰ (Anku Pande) সহযোগত চলচ্চিত্ৰখন প্ৰযোজনা কৰিব ।

বিশ্বজুৰি থকা দৰ্শকৰ বাবে নিৰ্মাণ হ'বলগীয়া ‘ফাইটাৰ্ছ’ক শেহতীয়া প্ৰযুক্তি আৰু চিত্ৰগ্ৰহণ কৌশল ব্যৱহাৰ কৰি দৃশ্যগ্ৰহণ কৰা হ'ব । নিৰ্মাতাসকলে পূৰ্বে কৈছিল যে দৃশ্যগ্ৰহণ সমগ্ৰ বিশ্বৰ বিভিন্ন ঠাইত হ'ব । তেওঁলোকে লগতে কৈছিল যে চলচ্চিত্ৰখনৰ কাহিনীয়ে প্ৰকৃতাৰ্থত ভাৰতীয় আৰু দেশৰ সশস্ত্ৰ বাহিনীৰ বীৰত্ব, ত্যাগ আৰু দেশপ্ৰেমক অভিবাদন জনাইছে ।

লগতে পঢ়ক :সামাজিক মাধ্য়মত 'লাল সিং চাড্ডা' ৰ শ্বুটিঙৰ ফটো শ্বেয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.