চিটাৰা ডেস্ক,3 নৱেম্বৰঃ এই বৰ্ষৰ দুই সফল ছবি মিছন মংগল আৰু চাণ্ড কি আঁখৰ সফলতাৰ পিছত এইবাৰ তাপসী পান্নুৱে চাব্বাছ মিথ্থু শীৰ্ষক ছবিখনত অভিনয় কৰিব ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰতিনিধি মিতালী ৰাজৰ চৰিত্ৰত ৷

তাপসীয়ে ক্ৰিকেটাৰগৰাকীৰ 37 সংখ্যক জন্মদিনৰ শুভক্ষণত ইনষ্টাগ্ৰামযোগে নিজৰ এই আগন্তুক প্ৰজেক্টৰ কথা ঘোষণা কৰে ৷ তাপসী পান্নুৰ এই বিশেষ খবৰত উৎফুল্লিত হৈ পৰে দুয়োৰে অনুৰাগীসকল ৷ 37 বছৰীয়া মিতালী ৰাজ নামৰ মহিলা ক্ৰিকেটাৰ গৰাকীয়ে 20 বছৰ সম্পূৰ্ণ কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৷ উল্লেখ্য যে,আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 20 বছৰ সম্পূৰ্ণ কৰা তেওঁৱেই প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ ৷
লগতে পঢ়কঃ বিজেপিৰ মন্ত্ৰীসকল বদনৰ বংশধৰ !!