ETV Bharat / sitara

মুজফ্ফৰপুৰ আদালতত ছলমান খান, কৰণ জোহৰৰ বিৰুদ্ধে গোচৰ ৰুজু

author img

By

Published : Jun 17, 2020, 2:20 PM IST

কৰণ জোহৰ, আদিত্য চোপ্ৰা, ছলমান খান, সঞ্জয় লীলা ভাঞ্চালী, একতা কাপুৰসহ বহুকেইগৰাকী তাৰকাৰ বিৰুদ্ধে গোচৰ ৰুজু ৷ সুশান্ত সিং ৰাজপুতক হত্যা কৰা হৈছে বুলি দাবী অধিবক্তা সুধীৰ কুমাৰৰ ৷

মুজফ্ফৰপুৰ আদালতত ছলমান খান, কৰণ জোহৰৰ বিৰুদ্ধে গোচৰ ৰুজু
সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

এন্টাৰটেইনমেন্ট ডেস্ক, 17 জুন : বলীউদ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পাচৰ পৰা তেওঁৰ কোটি কোটি গুণমুগ্ধ মৰ্মাহত হৈ পৰিছে৷ আনহাতে, এই ঘটনাৰ পাচতে প্ৰতিদিনে বিভিন্ন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে ৷ তেওঁৰ পৰিয়ালৰ লোক তথা ৰাজনৈতিক নেতাই চিবিআই পৰ্যায়ৰ তদন্ত দাবী কৰি আহিছিল ৷ আনহাতে, চ'ছিয়েল মিডিয়াৰ জৰিয়তে চিনেমা নিৰ্মাতা আৰু প্ৰযোজকসকলে সুশান্তক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা বুলি অভিযোগ কৰি আহিছে ৷

মুজফ্ফৰপুৰ আদালতত ছলমান খান, কৰণ জোহৰৰ বিৰুদ্ধে গোচৰ ৰুজু

বুধবাৰে মুজফ্ফৰপুৰৰ আদালতত বলীউদৰ বহুকেইজন তাৰকাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰ ৷ যিসকল লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে তেওঁলোক হৈছে কৰণ জোহৰ, আদিত্য চোপ্ৰা, ছলমান খান, সঞ্জয় লীলা ভাঞ্চালী, একতা কাপুৰসহ বহুকেইগৰাকী তাৰকা ৷ অধিবক্তা সুধীৰ কুমাৰে দাখিল কৰিছে এই গোচৰ ৷

অধিবক্তা সুধীৰ কুমাৰৰ গোচৰ ৰুজু

আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ-

অধিবক্তা সুধীৰ কুমাৰে কয় যে, বাতৰিকাকত আৰু টিভি চেনেলত সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰা বুলি প্ৰকাশ পালেও এয়া আচলতে পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড ৷ বিভিন্ন ধাৰাৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছে ৷ এই সম্পৰ্কত 3 জুলাইত প্ৰথমটো শুনানি গ্ৰহণ কৰা হ'ব ৷

আৰু পঢ়ক : বলীউডৰ চাৰি তাৰকাৰ মৃত্য়ুত মৰ্মাহত অভিনেতা বিকী কৌশাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.